পইচা আৰু কিতাপ, কাগজৰ পৰা তৈয়াৰী দুটা বস্তু মানুহৰ প্ৰিয় : মৃণাল শইকীয়া

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 2:31 PM IST

thumbnail

গোলাঘাট, 7 ডিচেম্বৰ : ‘‘কাগজৰ পৰা তৈয়াৰী দুটা বস্তু মানুহৰ প্ৰিয় ৷ সেয়া পইচা আৰু কিতাপ । ম’বাইল হাতলৈ অহাৰ পাচত গ্ৰন্থ কিনা আৰু পঢ়াৰ মাদকতা হেৰাই যোৱা অভ্যাস পুনৰ ঘূৰাই আনিবলৈ গ্ৰন্থমেলাৰ প্ৰয়োজন ।’’ সকলোকে প্ৰকৃততে গ্ৰন্থৰ সুৱাস দিয়াৰ বাবে পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু উদযাপন সমিতিৰ ধন্যবাদ জনাই এই মন্তব্য কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ।

অসমৰ 1000 সক্ৰিয় শাখা সাহিত্য সভাৰ অন্যতম হৈছে পশ্চিম গোলাঘাট শাখা সাহিত্য সভা । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠন তথা জিলাবাসী ৰাইজৰ সহযোগত সমন্বয় ক্ষেত্ৰত আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023 ৷

এই গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ বাকৰিত অন্তিম দিনা অৰ্থাৎ বুধবাৰে আয়োজন কৰা আড্ডাত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰদুম ৰাজখোৱা, বিধায়ক মৃণাল শইকীয়াৰ লগতে বহু গ্ৰন্থপ্ৰেমী ৰাইজ । আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ বাকৰিত শেষৰ দিনা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক : দুদিনতে চপৰা-চপৰে উঠিছে নৱ-নিৰ্মিত পকী পথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.