thumbnail

By

Published : Apr 21, 2023, 9:50 PM IST

ETV Bharat / Videos

Sati Sadhini Divas: বীৰাংগনা সতী সাধনীৰ ৩১ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 21 এপ্ৰিল : আজি বীৰাংগনা সতী সাধনী দিৱস (Sati Sadhini Divas)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন আৰু চুতীয়া জনগোষ্ঠীৰ সংগঠন তথা ধনশিৰীবাসীৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় সতী সাধিনী দিৱস (31 feet tall Birangana Sati Sadhana statue) । 

ছেৱাগুৰিত নতুনকৈ নিৰ্মাC কৰা ৩১ ফুট উচ্চতাৰ বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma visit at Sarupathar)। প্ৰতিমূৰ্তি উন্মোচনৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সৰুপথাৰত নতুনকৈ নিৰ্মাণ কৰা ৰামধেনু সাংস্কৃতিক ক্ষেত্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে । এই সভাত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ উপৰিও সাংসদেও অংশগ্রহণ কৰে (CM unveils Birangana Sati Sadhana statue)।  

লগতে পঢ়ক: Cattle smuggling in Nagaon : এইবাৰ গৰুৰ চোৰাং সৰবৰাহত নামিল শিক্ষক

এই অনুষ্ঠানতে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে  অসম-অৰুণাচল সীমা বিবাদ , অসম-মেঘালয় সীমা বিবাদ, অসম-মিজোৰাম সীমা বিবাদ আৰু অসম-নাগালেণ্ড সীমা বিবাদ সম্পর্কে মন্তব্য প্ৰকাশ কৰে । 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.