Exam Paper Leaked: কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল; প্ৰশ্নকাকত ছপোৱা প্ৰেছৰ গৰাকীক তলব আৰক্ষীৰ

By

Published : Feb 13, 2023, 10:40 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ডিফু, 13 ফেব্ৰুৱাৰী: কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (Class 9 exam paper leaked) ৷ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন লোকক সোধ-পোছৰ বাবে থানালৈ তলব আৰক্ষীৰ ৷ প্ৰশ্নকাকত ছপোৱা প্ৰেছৰ স্বত্বাধিকাৰীকো সোধা পোছা কৰা হৈছে ৷ ঘটনাৰ পাচতেই জিলাখনত চাৰিটা বিষয়ৰ পৰীক্ষা স্থগিত ঘোষণা বিদ্যালয় পৰিদৰ্শকৰ (Question Paper leaked in Karbi Anglong) ৷  

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহত অনুষ্ঠিত হৈ আছে বছৰেকীয়া পৰীক্ষা ৷ কিন্তু তাৰ মাজতেই দেওবাৰে ফাদিল হয় নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ৷ প্ৰশ্নকাকতসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাচতেই জিলাখনত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যাৰ বাবে বাতিল কৰিব লগা হয় পৰৱৰ্তী পৰক্ষীসমূহ (Exam postpone in Karbi Aanglong) ৷  

সোমবাৰে এক নিৰ্দেশনাযোগে পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকে ৷ নিৰ্দেশনা পত্ৰত উল্লেখ থকা অনুসৰি, ‘‘জিলাখনৰ বছেৰেকীয়া পৰীক্ষাৰ নৱম শ্ৰেণীৰ সাধাৰণ গণিত, সমাজ বিজ্ঞান, ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে বিভিন্ন সামাজিক মাধ্যমত উপলব্ধ হৈছে ।  সেয়েহে 13, 14, 15 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হʼব লগীয়া নৱম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষা স্থগিত ৰখাৰ লগতে উক্ত পৰীক্ষাসমূহ অহা মাৰ্চত পুনৰ অনুষ্ঠিত কৰা হʼব (Borad exam question paper leaked) ৷’’

আনহাতে, প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ জিলা ভিত্তিক আন্তঃপৰীক্ষা বʼৰ্ড সমিতিৰ সম্পাদক হৰেশ্বৰ বৰাই দেওবাৰে দাখিল কৰে এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিতেই তদন্ত অব্যাহত ৰখা বুলি সদৰী কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক কংকনজ্যোতি নাথে ৷ এই সন্দৰ্ভত দুজন শিক্ষককে ধৰি তিনিজন লোকক থানালৈ আদি সোধা-পোছা অব্যাহত ৰখা বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰিছে ৷  

ইফালে, সোমবাৰে তলব কৰা হয় প্ৰশ্নকাকত ছপোৱা মিৰ্জাৰ জনতা প্ৰেছৰ স্বত্বাধিকাৰী সীমান্ত পালক ৷ তেওঁকো অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷  

লগতে পঢ়ক: Health Department Question Paper Leaked: স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমা বেগমসহ স্বামীক মাৰাথন জেৰা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.