Clash in students union: সদ্য নিৰ্বাচিত মাণিকপুৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সংঘাত

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 1:37 PM IST

thumbnail

মাণিকপুৰ, 20 অক্টোবৰ: মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিৰ্বাচিত সভাপতি জহিৰুল ইছলাম আৰু সাধাৰণ সম্পাদক তাৰা আলীয়ে বিশ্বাসঘাটকতা কৰাৰ অভিযোগ উত্থাপন কৰিছে NSUI ৰ সদস্যসকলে । উল্লেখযোগ্য যে, সভাপতি আৰু সম্পাদকদ্বয়ে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত NSUI ৰ প্ৰত্যক্ষ সহযোগিতাত অৱতীৰ্ণ হৈ জয়লাভ কৰিবলৈ সক্ষম হৈছিল যদিও শেহতীয়াকৈ দুয়ো আমছুত যোগদান কৰে বুলি নতুনকৈ গঠিত হোৱা ছাত্ৰ একতা সভাৰ সদস্যসকলে জনায় । 

উক্ত ঘটনাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে NSUI ৰ সদস্যসকল । লগতে NSUI ৰ একাংশ সদস্যই সংবাদ মাধ্যমৰ আগত কয় যে ভৱিষ্যতে সভাপতি আৰু সম্পাদকদ্বয়ক NSUI ৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এনে কাৰ্যক গৰিহণা আৰু ধিক্কাৰ জনায় ।

লগতে আমছুত যোগদান কৰা সদস্যকেইজনে কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিহে অন্য সংগঠনত যোগদান কৰিছে বুলিও কয় ।

লগতে পঢ়ক: Durga puja 2023: কি ধৰণেৰে দেৱীক প্ৰতিষ্ঠা কৰা হ’ব ষষ্ঠীৰ বেদীত?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.