Chain snatchers: মহিলাৰ ডিঙিৰ চেইন থপিয়াওঁতেই ৰাইজৰ ৰোষত পৰিল চিলনী চোৰ
🎬 Watch Now: Feature Video
Published : Sep 19, 2023, 6:37 PM IST
নলবাৰী, 19 ছেপ্টেম্বৰ : ৰাজ্যজুৰি ইটোৰ পিচত সিটোকৈ চিলনী চোৰৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ এইবাৰ নলবাৰীত চিলনী চোৰৰ তাণ্ডৱ । এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াওঁতেই ৰাইজৰ হাতত পৰে চিলনী চোৰটো । সোণৰ চেইনডাল লৈ চোৰটোৱে পলাবলৈ অপচেষ্টা কৰোঁতেই চিলনী চোৰটোক খেদি খেদি ধৰে ৰাইজে ।
নলবাৰীৰ ইণ্ডাষ্ট্ৰী চকত সংঘটিত হয় এই ঘটনাটো । লিপিকা দেৱী নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা চোৰে থপিয়াইছিল সোণৰ চেইন । মহিলাগৰাকীয়ে কোৱা অনুসৰি তেওঁ স্কুটীৰে বিদ্যালয়ৰ পৰা আহি থাকোঁতেই দুই যুৱকে তেওঁৰ ডিঙিৰ চেইনডাল কাঢ়ি লৈ যায় ৷
মহিলাগৰাকীয়ে চোৰ কেইটাৰ পিচে পিচে গৈ এটা চোৰক কৰায়ত্ত কৰে যদিও এটা চোৰ পলায়ন কৰিবলৈ সক্ষম হয় ৷ চোৰটোৱে নিজকে ৰঙিয়াৰ বুলি চিনাকি দিছে যদিও প্ৰকৃত নাম ঠিকনা বৰ্তমানো জানিব পৰা হোৱা নাই । চোৰ দুটা অহা এখন বাইক জব্দ কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: Gang Rape With Tribal Woman: জনজাতীয় মহিলাৰ দলবদ্ধ ধৰ্ষণৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ