Durga Puja 2023: অষ্টমীৰ দিনা শ্ৰীলক্ষ্মীনাৰায়ন ঠাকুৰ বাড়ীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 23 অক্টোবৰ: মহা অষ্টমীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ প্ৰতিটো পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে । ডিব্ৰুগড়ত বিভিন্ন ৰূপত নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে ভক্তপ্ৰাণ ৰাইজৰ দৃষ্টি বিশেষভাৱে আকৰ্ষণ কৰিছে । মহা অষ্টমীৰ দিনা দিল্লীৰ পৰা আহি ডিব্ৰুগড় জিলাৰ লাহোৱালৰ শ্ৰীলক্ষ্মীনাৰায়ণ ঠাকুৰবাড়ীৰ দুৰ্গা পূজাত জাহাজ, বন্দৰ, জল পৰিবহন আৰু আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশীষ লয় ।
শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনোৱাৰ লগতে অসমৰ লগতে দেশবাসীৰ সুখ শান্তি কামনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ৰ লাহোৱালৰ ঐতিহাসিক শ্ৰীলক্ষ্মীনাৰায়ণ ঠাকুৰবাড়ীত অনুষ্ঠিত দুৰ্গা পূজাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে আয়োজক সমিতি । লগতে, শ্ৰীলক্ষ্মীনাৰায়ণ ঠাকুৰবাড়ীত বহুলোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: Singer Birendra Nath Datta : চিৰবিদায় মাগিলে লোক-সংস্কৃতিৰ গৱেষক, বিশিষ্ট শিল্পী বীৰেন্দ্ৰনাথ দত্তই