Call for BTR Bandh: সোমবাৰে 12 ঘন্টীয়া বিটিআৰ বন্ধৰ আহ্বান বনছুৰ - BPF
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-10-2023/640-480-19716389-thumbnail-16x9-btrbandhnews.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 8, 2023, 10:51 PM IST
কোকৰাঝাৰ, 8 অক্টোবৰ : গণ সমাবেশৰ বাবে জিলা প্ৰশাসনে অনুমতি প্ৰদান নকৰাক লৈ ক্ষুব্ধ বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছু ৷ সোমবাৰে 12 ঘণ্টীয়া বিটিআৰ বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে ৷ পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ 12 ঘণ্টীয়া বিটিআৰ বন্ধৰ কথা সংবাদমেল যোগে ঘোষণা কৰিছে ছাত্ৰ সংগঠনটোৱে ৷
দেওবাৰে সন্ধিয়া কোকৰাঝাৰত আয়োজিত এক সংবাদমেলত বনছুৰ সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীয়ে কয়, ‘‘7 অক্টোবৰত বনছুৱে ওদালগুৰিত এক গণ সমাবেশৰ আয়োজন কৰিছিল ৷ উক্ত গণ সমাবেশৰ বাবে ওদালগুৰি জিলা প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছিল ৷ কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসনে প্ৰদান নকৰিলে অনুমতি ৷ যাৰ বাবে কাইলৈ 12 ঘন্টীয়া বিটিআৰ বন্ধ ঘোষণা কৰিছোঁ ৷ বনছুক অনুমতি প্ৰদান নকৰাৰ আঁৰত ৰাজনৈতিক অভিসন্ধি আছে ৷ প্ৰশাসনৰ এনে কাৰ্যই মৌলিক অধিকাৰ খৰ্ব কৰা কৰিছে ৷’’
লগতে পঢ়ক:Rapist sent to jail: ধৰ্ষণৰ গোচৰত নুৰ ইছলাম শ্বেখক দহ বছৰৰ কাৰাদণ্ড