Body Recovered in Boko: পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

By

Published : Oct 27, 2022, 12:41 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail
বকোৰ ২ নং ছাটাবাৰীত উদ্ধাৰ মৃতদেহ (Body Recovered in Boko)। ৰে’লৰ সুৰংগৰ পথত উদ্ধাৰ মৃতদেহটো । পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে । মৃত লোকজন মৰিগাঁৱৰ লক্ষী ডেকা (৩৫) বুলি জানিব পৰা গৈছে । ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰৰ এটা কোম্পানীত কৰ্মৰত আছিল লোকজন । তেখেতে মৰিগাঁৱৰ পৰা উভতাৰ সময়তেই ২৫ অক্টোবৰত সন্ধানহীন হৈছিল । পিছত বুধবাৰে ২ নং ছাটাবাৰীৰ সুৰংগ পথৰ সমীপত উদ্ধাৰ হৈছিল লোকজনৰ চাইকেল আৰু মোনা । তাৰ পাছতেই আজি উদ্ধাৰ হয় মৃতদেহটো ৷ মৃতদেহটোৰ মুখমণ্ডলত স্পষ্ট হৈ আছে তেজৰ দাগ আৰু আঘাতৰ চিন । সেয়েহে কোনো লোকে লক্ষী ডেকাক হত্যা কৰাৰ অভিযোগ তেখেতৰ আত্মীয়ৰ । একাংশৰ মতে আকৌ সুৰংগ পথত থকা পানীত ডুবি মৃত্যু হৈছে লক্ষী ডেকাৰ । এই খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি লৈ যোৱা হয় বকো আৰক্ষী থানালৈ । আনহাতে ২ নং ছাটাবাৰীৰ ৰে’লৰ সুৰংগ পথচোৱাক লৈয়ো ৰাইজৰ অভিযোগ । বছৰৰ অৰ্ধেক দিন পানীত ডুব গৈ থাকে সুৰংগৰ পথচোৱা । কোনো কোনো সময়ত হোৱা এককাল, এক আঠু পানীৰে অহা-যোৱা কৰিব লাগে ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে । এই লৈ ৰে'ল বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ কৰাও পৰিলক্ষিত হয় ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.