BJP Worker found dead in Nalbari: মৰাপাগলদিয়াৰ পাৰত উদ্ধাৰ বিজেপি নেতা কন্দৰ্প বৰ্মনৰ মৃতদেহ

🎬 Watch Now: Feature Video

thumbnail

নলবাৰী, 6 আগষ্ট : দেওবাৰে নলবাৰীৰ ধৰ্মপুৰত উদ্ধাৰ হৈছে বিজেপি কৰ্মী কন্দৰ্প বৰ্মনৰ মৃতদেহ । শনিবাৰে গোৱৰাদলত মৰাপাগলাদিয়া নৈৰ পাৰত উদ্ধাৰ হৈছিল কন্দৰ্প বৰ্মনৰ ৱেগনাৰ বাহন আৰু চেণ্ডেল । অতি ৰহস্যজনকভাৱে দেওবাৰে কন্দৰ্প বৰ্মনৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

তথ্য অনুসৰি, 3 আগষ্টৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছিল কন্দৰ্প বৰ্মন ৷ গোটেই নিশা বাট চায়ো কন্দৰ্প বৰ্মন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে 4 আগষ্টৰ দিনা কাষ চাপে আৰক্ষীৰ ৷ আনকি পৰিয়ালৰ লোকে 4 আগষ্টৰ দিনা কন্দৰ্প বৰ্মন নিখোঁজ হৈ থকা সন্দৰ্ভত শোলমাৰা আউটপোষ্টত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷

আৰক্ষীৰ তদন্ততে শনিবাৰে মৰাপাগলাদিয়া নৈৰ পাৰত কন্দৰ্প বৰ্মনৰ বাহন আৰু দেওবাৰে উদ্ধাৰ হয় তেওঁৰ মৃতদেহ ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, মৃত কন্দৰ্প বৰ্মনৰ শৰীৰত স্পষ্ট হৈ আছে আঘাতৰ চিন ৷ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে যদিও আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো পোহৰলৈ ওলাই পৰিব ৷

ইফালে ধৰ্মপুৰ সমষ্টিৰ এজন সক্ৰিয় বিজেপি কৰ্মীৰ লগতে ক্ষেত্ৰী ধৰ্মপুৰ শোলমাৰা বহুমুখী সমবায় সমিতিৰ পৰিচালনা সভাপতি তথা বজাৰ সমিতিৰ সভাপতি কন্দৰ্প বৰ্মনৰ অকাল মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷ মৃত কন্দৰ্প বৰ্মনৰ ঘৰ নলবাৰী জিলাৰ শুকেকুছিত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Accident at Chabua : চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা, মালবাহী ৰে’লৰ খুন্দাত আহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.