Birth anniversary of Srimanta Sankardeva:চিলাপথাৰত মহিলাৰদ্বাৰা প্ৰদৰ্শিত ভাওনা চাবলৈ ভিৰ অসংখ্য লোকৰ - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
🎬 Watch Now: Feature Video
Published : Sep 26, 2023, 6:16 PM IST
জোনাই, ২৬ ছেপ্টেম্বৰ : জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে ৰাজ্যৰ আকাশ-বতাহ ৷ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে মহাপুৰুষজনাৰ জন্ম-জয়ন্তী ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ উদ্যোগত আৰু চিলাপথাৰ নগৰ প্ৰাথমিক শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ সহযোগত উদযাপন কৰা হৈছে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি ।
দিনৰ বিভিন্ন কাৰ্যসূচীৰ অন্ততঃ নিশা ধেমাজিত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ মহিলাসকলৰ দ্বাৰা মহাভাৰতৰ ‘শকুনিৰ প্ৰতিশোধ’ আৰু ‘দুৰ্যোধনৰ উৰু ভংগ’ ভাওনা দুখন প্ৰদৰ্শন কৰা হয় । মহিলাসকলৰ সাৱলীল অভিনয়-নৃত্যই নিশা দৰ্শক ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ।
ভাওনাখনি উদ্বোধন কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিলাপথাৰ নগৰ প্ৰাথমিক শাখাত প্ৰদৰ্শন কৰা হয় এই ভাওনা ।
লগতে পঢ়ক : Birth anniversary of Srimanta Sankardeva:ৰাজ্যৰ চৌদিশে উদযাপন শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব তিথি