Bihu Celebration in Assam: পহিলা ব'হাগ উপলক্ষে টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ - Bihu Celebration in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 15, 2023, 10:46 AM IST

টীয়ক, 15 এপ্ৰিল: আজি পহিলা ব'হাগ ৷ ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ ৰঙালী বিহুক লৈ দেখা গৈছে সাতামপুৰুষীয়া উচাহ (Bihu Celebration in Assam) ৷  

ৰঙালীৰ ৰঙৰ আৰম্ভণিতেই আজি অসমীয়া নৱবৰ্ষ তথা ব'হাগৰ প্ৰথম দিনটোত পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱৰ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ আগমণ পৰিলক্ষিত হৈছে ৷ হাতে হাতে ধূপ, নৈবদ্য, চাকি লৈ পৰিয়ালৰ লগতে ইষ্ট-কুটুম্বৰ বছৰটো যেন ভালে কুশলে যায়, কোনো যাতে অপায়-অমংগল নহয় তাৰ কামনাৰে পুৱাই নেদেখাজনৰ চৰণত সেৱা আগবঢ়ায় (Dhekiakhowa Bornamghar Jorhat) ৷  

আনহাতে বৰনামঘৰ পৰিচালনা সমিতিয়ে সমূহ অসমবাসীৰ অপয়-অমংগল, মাৰি-মৰক, দুৰ্ভিক্ষ নিবাৰণৰ অৰ্থে অক্ষয় বন্তিত তেল অৰ্পণ কৰি এখনি শৰাই আগবঢ়াই আৰু বিশ্ব শান্তি কামনা কৰে; লগতে নতুন বছৰটোৱে যেন সকলোলৈকে সুখ শান্তি কঢ়িয়াই আনে তাৰই কামনা কৰে ৷ টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.