Bhupen Bora at Sotea: কংগ্ৰেছমুক্ত ভাৰত বিজেপিৰ অলীক কল্পনা: ভূপেন বৰা

By

Published : Jun 4, 2023, 9:19 PM IST

thumbnail

চতিয়া, ৪ জুন: দেওবাৰে শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত ন-দুৱাৰ ব্লক কংগ্ৰেছ কমিটীয়ে আয়োজন কৰা এক গুৰুত্বপূৰ্ণ মত মিনিময় অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা (APCC President Bhupen Kumar Bora) । ন-দুৱাৰ ব্লক কংগ্ৰেছৰ সম্পাদক ভাৰত দাসে আঁতধৰা সভাত চতিয়াত কংগ্ৰেছৰ সাংগঠনিক দিশত আলোচনা আগবঢ়াই ন-দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি জগত বৰাই (Bhupen Bora at Sotea) ।  

ইয়াৰ পিছত APCC ৰ সভাপতি ভূপেন কুমাৰ বৰাই কংগ্ৰেছকৰ্মীসকলক উদ্দেশ্যি কংগ্ৰেছ দলটোক শক্তিশালী কৰিবলৈ সকলো স্তৰৰ কাৰ্যকৰ্তাক আহ্বান কৰি বিজেপি দল আৰু চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে (Bhupen Bora at an interactive session in Sotea) । তেওঁ এই বুলিও উল্লেখ কৰি কয় যে, এই চৰকাৰৰ দিনত নিতৌ বয় বস্তুবোৰৰ মূল্যবৃদ্ধি, হত্যা, লুণ্ঠন, অসামাজিক কাম-কাজ আদি বাঢ়ি গৈ আছে ।  

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সদায় আবোল-তাবোল কথা কৈ মূল সমস্যাবোৰ আঁতৰাই ৰাখিব বিছাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰে । কংগ্ৰেছমুক্ত কৰাৰ অলীক সপোন দেখা বিজেপি দল এতিয়া ভাৰতৰ পৰা নিজেই মুক্ত হ'বলৈ গৈ আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কৰ্মীসকলৰ মত বিনিময় অনুষ্ঠানত । 

লগতে পঢ়ক: Assam health sector: তলা ওলমাই অভিলেখ সৃষ্টি কৰিছে লখিমপুৰৰ এটা স্বাস্থ্য কেন্দ্ৰই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.