উৰুকাৰ নিশা আনন্দত মতলীয়া টীয়কৰ জাঁজী বৰাগাঁওবাসী - আজি উৰুকা
🎬 Watch Now: Feature Video
Published : Jan 14, 2024, 9:33 PM IST
টীয়ক, 14 জানুৱাৰী : আজি অসমীয়াৰ হেঁপাহৰ ভোগালীৰ উৰুকা ৷ পৰম্পৰাগত অনুসৰি উৰুকাৰ নিশা, পৰিয়াল ইষ্ট-কুটুম্ব, বন্ধু-বৰ্গৰ সৈতে ভেলাঘৰত পাত মেজি জ্বলাই হাঁহে-মাহে এসাঁজ খোৱাৰ নিয়ম ৷ টীয়কৰ জাঁজী বৰাগাঁৱটো পূৰ্বৰ দৰে দেখিবলৈ পোৱা গৈছে আনন্দ-উল্লাহ ৷ উল্লেখ্য যে, উক্ত অঞ্চলৰ যুৱকসকলে ভেলাঘৰৰ ৰূপত এইবাৰ পূবে ভঁড়াল, চোতালত গৰুৰে মৰণা মৰা দৃশ্য, এখন জুহাল পশ্চিমে গঁড়াল, উত্তৰে চৰু আৰু দক্ষিণে গৰু ৰখাৰ যি প্ৰবাদ আছে তাক সুন্দৰভাৱে উপস্থাপন কৰি অসমীয়া গ্ৰাম্য চহা সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে ৷
আজি উক্ত ভেলাঘৰৰ বাকৰিতে গাঁৱৰ আয়তিসকলে পিঠা-পনা, জলপানৰ দিহা কৰি সকলোকে ভোজ খোৱাৰ আগত আপ্যায়ন কৰিছে ৷ পৰম্পৰা ৰক্ষা কৰি হাঁহে মাহে, ঔটেঙা কাঠ আলুৰ সৈতে মাছৰ লগতে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুতত ব্যস্ত হৈ পৰিছে একাংশ লোক ৷ ইপিনে গাঁওখনৰ সকলো ওলাই আহি মেজিৰ তলত বিহু মাৰি নিশাটি উদযাপন কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক :আজি উৰুকা, ৰাজ্যৰ বজাৰত মাছৰ উজান