ৰঙিয়াতো ভোগালীক লৈ ভীষণ ব্যস্ততা, সাজি উলিয়ালে মেজি - ভোগালী বিহু

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:03 PM IST

ৰঙিয়া, 9 জানুৱাৰী: ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যবাসী এতিয়া ব্যস্ত ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ । ঢেঁকীৰ শব্দত ৰজনজনাইছে ৰাজ্যৰ প্ৰতিখন গাঁও । ৰঙিয়াতো ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে ।

ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো অসমীয়াৰ বাপতি সাহোন বিহুটি পালিবলৈ উঠিপৰি লাগিছে ৰঙিয়াৰ এখন গাঁৱৰ ৰাইজ । গাঁওখন হৈছে ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ নকুল । সময়ৰ অভাৱ বাবেই নকুলৰ ৰাইজ একেলগ হৈ এদিনতে সাজি উলিয়ালে এটা প্ৰকাণ্ড মেজি ।

গাঁওখনৰ শতাধিক লোক একত্ৰিত হৈ হাতে কামে লাগি দিনটোৰ ভিতৰতে সাজি উলিয়ালে মেজিটো । যুগ যুগ ধৰি অসমীয়া সংস্কৃতিৰ পৰম্পৰা অটুট ৰাখি অঞ্চলটোত উদযাপন কৰি অহা হৈছে হেঁপাহৰ ভোগালী বিহু । সেয়েহে ব্যস্ততাৰ বাবে যাতে বিহুৰ উদযাপনত বাধা নাহে তাৰ বাবেই ৰাইজ সাজি উলিয়াই মেজিটো ।

পথাৰৰ মাজতে দ্বীপ্তেশ্বৰীৰ নকুলবাসীয়ে আনন্দ মনেৰে এসাঁজ ভাতো খালে । সমাগত উৰুকাৰ নিশা অসমৰ আন ঠাইসমূহৰ দৰে নকুলতো ৰাইজে সমূহীয়াকৈ ভোজ-ভাত খাব । বিহুৰ দিনা পুৱাই গা ধুই মেজিৰ পবিত্ৰ অগ্নিক অৰ্চনা কৰিব ৷ বাৰীৰ আম কঠাল গছত কোবাই লাগ লাগ দিয়াৰ লগতে মেজিৰ জুইৰ ওম লৈ কণী খেলৰ দৰে বিভিন্ন খেল খেলিব।

লগতে পঢ়ক: পৰম্পৰাগত তিলপিঠা প্ৰস্তুতেৰে ব্যৱসায়ভিত্তিত সফলতা লাভ টীয়কৰ এগৰাকী মহিলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.