thumbnail

By

Published : Jul 24, 2023, 6:34 PM IST

ETV Bharat / Videos

Deori Autonomous Council: ধেমাজিত অত্যাধুনিক ৰূপত নিৰ্মাণ হ'ব ভীমবৰ দেউৰীৰ স্মৃতি ভৱন

ধেমাজি, ২৪ জুলাই: ধেমাজি নগৰত অত্যাধুনিক ৰূপত সাজি উলিওৱা হ'ব জননেতা ভীমবৰ দেউৰী স্মৃতি ভৱন । দেউৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্য়োগত আগন্তক বৰ্ষৰ পৰা স্মৃতি ভৱনৰ নিৰ্মাণ আৰম্ভ কৰা হ'ব ৷ এই উদ্দেশ্য়ে ধেমাজি সদৰৰ ভীমবৰ দেউৰী স্মৃতি ভৱনত সোমবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত এই বিষয়ে সদৰী কৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীয়ে ।

ধেমাজি সদৰৰ ভৰালীচুকস্থিত ভীমবৰ দেউৰী স্মৃতি ভৱনত ধেমাজি নগৰ দেউৰী উন্নয়ন আৰু কল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত তুলন চন্দ্ৰ দেউৰীয়ে পৌৰোহিত্য কৰে ৷ ৰাজহুৱা সভাখনত উপস্থিত থাকে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীকে ধৰি কেইবাজনো পাৰিষদৰ লগতে বিশিষ্ট ব্যক্তিসকল ৷ এই সভাতেই সদ্য অৱসৰপ্ৰাপ্ত বিশিষ্ট চিকিৎসক পৰমানন্দ দেউৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । লগতে জননেতা ভীমবৰ দেউৰী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক:Poor road condition in Narayanpur: ১০৮ সেৱাৰ বাহন যাব নোৱাৰা নাৰায়ণপুৰৰ এখন গাঁও

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.