Protest against Bhupen Borah: ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 29, 2023, 5:24 PM IST

thumbnail

ৰঙিয়া, 29 জুলাই : ৰঙিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লাভ জেহাদকলৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে শনিবাৰে বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৰ কেবা শতাধিক কৰ্মীয়ে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় ।

যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ত্ৰিদীপ জ্যোতি মৰাণৰ নেতৃত্বত ভূপেন বৰাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিওৱা হয় । প্ৰতিবাদকাৰী সকলে ভূপেন বৰা মুৰ্দাবাদ, ভগৱান শ্ৰীকৃষ্ণ আৰু ধৃতৰাষ্ট্ৰক লাভ জেহাদী আখ্যা দিয়া ভূপেন বৰা লেই লেই চেই চেই আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সনাতনী সংস্কৃতিৰ আত্মা স্বৰূপ ভগৱান শ্ৰীকৃষ্ণক অপমান কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰে । লগতে অতি শীঘ্ৰে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । সমদলটো নগৰখনৰ মাজ মজিয়াৰে পৰিভ্ৰমণ কৰে । পিচত প্ৰতিবাদকাৰী সকলে ভূপেন বৰাৰ জুমুঠি দাহ কৰে । প্ৰতিবাদকাৰী সকলে জুমুঠি দাহ কৰাৰ সময়ত আৰক্ষীয়ে পানীৰে জুমুঠিৰ জুই নুমুওৱাবলৈ বিচৰা সময়তে আৰক্ষীৰ সৈতে টনা-আঁজোৰা হয় প্ৰতিবাদকাৰীসকলৰ । পিচত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Protest against Bhupen Borah: ভূপেন বৰাৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.