মূৰৰ ওপৰত নাই ছাদ ! PMAY গৃহ বিচাৰি ট্ৰাইচাইকেলত উঠি পঞ্চায়তৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘুৰিও বিমুখ মজিবৰ - খাৰুপেটীয়াত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ
🎬 Watch Now: Feature Video
Published : Dec 12, 2023, 11:22 AM IST
দলগাঁও, 12 ডিচেম্বৰ : চৰকাৰে দুখীয়া ৰাইজৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও আজিও বহুতো প্ৰকৃত হিতাধিকাৰীয়ে বঞ্চিত হৈ আছে ইয়াৰ সুফল লাভৰ পৰা । আনকি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ লাভ কৰা নাই দুখীয়া হিতাধিকাৰীয়ে । দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ ঘৰত পৰিয়ালসহ বসবাস কৰাৰ পিচতো লাভ কৰা নাই গৃহ । আজিলৈকে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভৰ বাবে চৰকাৰী অফিচে অফিচে ঘূৰিফুৰিবলগীয়া হৈছে । এনে এজন বঞ্চিত হিতাধিকাৰী হৈছে খাৰুপেটীয়াৰ গলন্দি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং মোল্লাপাৰা গাঁৱৰ মজিবৰ ৰহমান ।
বঞ্চিত হিতাধিকাৰী মজিবৰ ৰহমানে ক্ষোভেৰে কয়," আমাৰ ঘৰটো নহ'ল,আমি দুখীয়া মানুহ । আমি কি অন্যায় কৰিলো ? "এই বুলি কৈ হুকহুকাই কান্দি উঠিল মজিবৰ ৰহমানে । উল্লেখ্য় যে ২০০৯ত দুৰ্ঘটনাত পতিত হৈ এখন ভৰি হেৰুৱাইছিল মজিবৰ ৰহমানে । এতিয়া তেওঁ ট্ৰাইচাইকেল আৰু কৃত্ৰিম ভৰিৰ সহায়ত চলাফুৰা কৰে । তেওঁৰ ট্ৰাইচাইকেলেখনেই একমাত্ৰ সংগী ।
মাহৰ পিছত মাহ,বছৰ পিছত বছৰ পঞ্চায়ত কাৰ্যালয়ত ঘূৰি ঘুৰিও চৰকাৰী গৃহ লাভ নকৰাত হতাশাত ভাগি পৰিছে দুৰ্ভগীয়া লোকজন । অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপি সকলো বিৱৰি হুকহুকাই কান্দিলে ।
লগতে পঢ়ক:কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে দহগৰাকী প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিছে আৱেদন পত্ৰ
TAGGED:
House of PMAY in Kharupetia