Cricket World Cup 2023 : বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্ম আপ মেচ; গুৱাহাটীত উপস্থিত বাংলাদেশ ক্ৰিকেট দল

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 8:08 PM IST

Updated : Sep 27, 2023, 9:20 PM IST

thumbnail

গুৱাহাটী, 27 ছেপ্টেম্বৰ : 5 অক্টোবৰ পৰা ভাৰতত আৰম্ভ হ’ব আই চি চি পুৰুষৰ এদিনীয়া বিশ্বকাপ 2023 ৷ আইচিচি এদিনীয়া বিশ্বকাপকলৈ উৎকণ্ঠাৰে বাট চাইছে ক্ৰিকেট প্ৰেমীসকলে ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে এতিয়া গুৱাহাটীও আক্ৰান্ত হৈছে ক্ৰিকেট জ্বৰত ৷ কিয়নো গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ কেইবাখনো প্ৰস্তুতি মেচ ৷  

গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ৱার্ম আপ মেচৰ বাবে বুধবাৰে গুৱাহাটীত উপস্থিত হয় বাংলাদেশৰ ক্ৰিকেট দলটো ৷ গুৱাহাটী বিমানবন্দৰত বাংলাদেশৰ ক্ৰিকেট দলটো উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই অসম ক্ৰিকেট সন্থাৰ লগতে ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ লোকে ৷ দলটোক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পোনে পোনে হোটেল তাজ ভিভাণ্টালৈ লৈ যোৱা হয় ৷  

উল্লেখ্য যে, 29 ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব ৱাৰ্ম আপ মেচসমূহ ৷ আইচিচিৰ সূচী অনুসৰি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত 29 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈকে চাৰিখন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব ৷ ইয়াৰে 29 ছেপ্টেম্বৰত বাংলাদেশে প্ৰথমখন ৱাৰ্ম আপ মেচ শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ৷ 30 ছেপ্টেম্বৰত দ্বিতীয়খন ৱাৰ্ম আপ মেচ ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ৷ 2 অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন ৱাৰ্ম আপ মেচ ৷ 3 অক্টোবৰত গুৱাহাটীত চতুৰ্থ আৰু অন্তিমখন ৱাৰ্ম আপ মেচত আফগানিস্তানৰ বিৰুদ্ধে শ্ৰীলংকাই খেলিব ৷

লগতে পঢ়ক : ICC Cricket WC 2023: ২৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্ম আপ মেচ

Last Updated : Sep 27, 2023, 9:20 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.