Bandhan bank loan: জীৱন পথৰ সাৰথি বন্ধন - বন্ধন সকলোৰে বন্ধু হিচাপে পৰিচিত
🎬 Watch Now: Feature Video
আজিৰ সময়ত দ্ৰৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত সকলোৰে আপোন বেংক হিচাপে পৰিচিত হৈ পৰিছে বন্ধন বেংক (Bandhan bank loan)। বন্ধন সকলোৰে বন্ধু হিচাপে পৰিচিত । যোৰহাটৰ ৰৰৈয়াত অৱস্থিত বন্ধন বেংকৰ পৰাৰ উক্ত অঞ্চলৰ মহিলা সকলে ঋণ লৈ কৰ্ম সংস্থাপনৰ আধাৰ হিচাপে গেলামালৰ দোকান, হোটেল আৰু কাপোৰ ব্যৱসায় আদি আৰম্ভ কৰিছে (Successful entrepreneur from Jorhat)। এই ব্যৱসায়ৰ জৰিয়তে তেওঁ লোকে নিজৰ লগতে পৰিয়ালক স্বাৱলম্বী কৰি আজি সমাজত নিজৰ পৰিচয় দাঙি ধৰিছে । ইয়াৰ উদাহৰণ হ'ল যোৰহাট ৰৰৈয়াস্থিত চুতীয়াকাৰীৰ স্বপ্না দত্ত খনিকৰ ৷ তেওঁ এখন গেলামাল দোকান আৰু তেওঁৰ মাতৃয়ে এখন হোটেল দি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে পৰিয়াল পোহপাল দিয়া উপৰিও সন্তানক শিক্ষা ক্ষেত্ৰতো আগুৱাই যোৱাত সহায় কৰিছে । আন এগৰাকী মহিলা ধলাজানৰ কৰুণা বৰদলৈয়ে এখন ষ্টেচনাৰী প্ৰতিষ্ঠান খুলি পৰিয়াল পোহপাল দিয়াৰ লগতে বিভিন্ন কাম-কাজ কৰিবলৈ সক্ষম হৈছে (Bandhan Bank loan facility) । তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰি আজিৰ এইটো পৰ্যায়ত উপনীত হৈছেহি ৷ বন্ধনে অতি সহজ প্ৰক্ৰিয়াৰে ঋণ প্ৰদান কৰি গ্ৰাহকক আৰ্থিক দিশত সহায়ৰ হাত আগবঢ়াই আহিছে ৷ যাৰ বাবে বন্ধন দৰিদ্ৰ তথা মধ্যবিত্তসকলৰ বাবে সাৰথি হৈ পৰিছে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST