Awareness meeting on traffic guidelines: হোজাইত যান-বাহনৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত সজাগতা সভা

By

Published : Jun 17, 2023, 10:57 PM IST

thumbnail

হোজাই,১৭ জুন: সততে সংঘটিত হোৱা পথ দুৰ্ঘটনা তথা ছাত্ৰ-ছাত্ৰীয়ে যান-বাহন আইন উলংঘা কৰা ৰোধ কৰিবলৈ হোজাইত ব্যতিক্ৰমী পদক্ষেপ । হোজাইত যান-বাহনৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এখনি সজাগতা সভা । হোজাই জিলা পৰিবহণ বিভাগৰ তথা জিলা আৰক্ষীৰ উদ্যোগত হোজাইৰ লংকা মহাবিদ্যালয়ত অনুষ্ঠিত হয় যান-বাহনৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত এই সজাগতা সভাখনি ।  

উক্ত সজাগতা সভাত যান-বাহন চলোৱাৰ সময়ত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা, ড্ৰাইভিং লাইচেন্সৰ প্ৰযোজনীয়তা আদি বিভিন্ন বিষয়ৰ ওপৰত উক্ত সভাত আলোচনা কৰা হয় । উক্ত সজাগতা সভাত হোজাই পৰিবহণ বিষয়া, হোজাই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক, লংকা মহাবিদ্যালয়ৰ অধ্যক্ষসহ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা লংকাৰ গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয় । 

লগতে পঢ়ক: 3 month football workshop: নেলীত তিনিমহীয়া ফুটবল কৰ্মশালা আৰম্ভ

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.