Incident at Jamira in Dibrugarh:হৰগৌৰী থিয়েটাৰৰ গেলাৰী ভাঙি আহত ৫০ দৰ্শক

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 3:53 PM IST

thumbnail

মৰাণ, ১০ অক্টোবৰ : ডিব্ৰুগড় জিলাৰ জামিৰাত নিশা সংঘটিত হয় এক অঘটন । ডিব্ৰুগড়ৰ জামিৰাত হৰগৌৰী থিয়েটাৰ চলি থাকোঁতে গেলাৰী ভাঙি ৫০ গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আহতসকলৰ ভিতৰত কেইবাগৰাকী মহিলা আৰু যুৱতী আছে ।  

ইফালে, আঘাতপ্ৰাপ্ত লোকসকলক পৰিয়ালৰ লোকসকলে থিয়েটাৰৰ আচবাব দুৰ্বল হোৱা বাবে এই ঘটনা সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । আঘাতপ্ৰাপ্তসকলক নিশাই বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত ৮ গৰাকীক জৰুৰীকালীন ভাৱে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । এই ঘটনাটোৱে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ৰাইজে এই ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়ক:World Mental Health Day 2023: বিশ্ব মানসিক স্বাস্থ্য দিৱসত বিশিষ্ট মনোবিজ্ঞানীৰ মনৰ কথাৰে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.