Burn Effigy Of Terash Gowalla : দুলীয়াজানত আটছাৰ উত্তাল প্ৰতিবাদ

By

Published : Jun 7, 2023, 1:41 PM IST

thumbnail

ডিব্ৰুগড়, 7জুন: দুলীয়াজানত বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে প্ৰতিবাদ আটছাৰ (ATTSA Protest) ৷ উল্লেখযোগ্য সোমবাৰে  চৰকাৰী আঁচনিৰ ৰূপায়নৰ সবিশেষ জানিবলৈ বিচাৰিছিল আটছাৰ কৰ্মী শিৱ কুমাৰ কৰ্মকাৰে ৷ কিন্তু ডিব্ৰুগড় জিলা আটছাৰ কৰ্মী শিৱ কুমাৰ কৰ্মকাৰক আৰক্ষীয়ে আটক কৰে ৷ ইফালে সোমবাৰে নিশা বিধায়ক তেৰছ গোৱালাই আৰক্ষীক আটক কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ আটছাৰ ৷  

সেই অভিযোগ তুলি আটছাই দুলীয়াজানৰ নাওশলীয়া আৰক্ষী চকীৰ সমীপত বিধায়ক তেৰছ গোৱালাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Burn Effigy Of Terash Gowalla) ৷ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত জালনী চাহ বাগিচাত জে জে এলৰ এটা আঁচনিৰ শুভ উদ্ধোধনী অনুষ্ঠানত এই ঘটনা সংঘটিত হৈছিল (Jal Jeevan Mission) । উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকী বিজেপি কৰ্মী উপস্থিত আছিল ।

লগতে পঢ়ক: Protest in Morigaon: মৰিগাঁৱত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কেইবাটাও তিৱা সংগঠনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.