Rangali bihu celebration: পদূলীমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু - Rangali bihu
🎬 Watch Now: Feature Video
আমগুৰি, ৪ এপ্ৰিল : দুৱাৰদলিত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি (Rangali bihu) ৷ ৰঙালীৰ ৰঙত ৰঙীয়াল হৈ উঠিছে প্ৰতিজন অসমীয়া (Rangali bihu celebration) । ঢোল-পেঁপা-গগণাৰ মাতত ৰজনজনাই উঠিছে অসমৰ চৌপাশ ৷ ডেকা-জীয়াৰী সকলোৰে মন ৰঙীয়াল হৈ উঠিছে । ঢোলৰ মাতত কঁকাল ভাঙি নাচিছে নাচনীয়ে ।
বিহুটিৰ আগমণৰ লগে লগে ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা ৷ নৱপ্ৰজন্মক নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰোৱাই এই কৰ্মশালা সমূহৰ মূল উদ্দেশ্য ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আমগুৰিৰ বৰাহীবাৰী কুঁহিপাত চেমনীয়া হুচৰি দল সাজু হৈ উঠিছে ৰঙালী বিহুটিক আদৰাৰ মানসেৰে ।
বিহুৰ সাজেৰে কান্ধত ঢোলটি লৈ পেপোৱা ডেকাটিয়ে হেঁপাহ পলুৱাই নাচুৱাইছে নাচনীক পথাৰত (Bihu dance)। ৰঙালী মানেই প্ৰতিজন অসমীয়াৰ প্ৰাণত সঞ্চাৰ হয় নতুনত্বৰ । চাওক আমগুৰিৰ পৰা পথাৰত বিহু মৰাৰ সুন্দৰ দৃশ্য-
লগতে পঢ়ক : Bihu dance and dhol badan workshop:তিনিচুকীয়াত ছাত্ৰ সন্থাৰ সৌজন্যত আয়োজিত বিহুনাচ, ঢোলবাদন কৰ্মশালাৰ সামৰণি