Rahul Gandhi disqualification News : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

By

Published : Mar 24, 2023, 7:48 PM IST

thumbnail

গুৱাহাটী, ২৪ মাৰ্চ : কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম তৃণমূল কংগ্ৰেছ দলে । শুকুৰবাৰে লোকসভা সচিবালয়ক এই নিৰ্দেশনা উঠাই ল’বলৈ দাবী জনাই অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই (Assam Trinamool Congress reacts on Rahul Gandhi disqualification from parliament)।

তেওঁ কয়, ‘‘এয়া ভাৰতৰ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় । দেশৰ সাংবিধানিক গণতন্ত্ৰ আজি সংকটত । আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সফলতা নিৰ্ভৰ কৰে সাংবিধানিকভাৱে স্বীকৃত কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ ওপৰত ৷ যেতিয়া কাৰ্যপালিকাৰ নিৰ্দেশত আনবোৰ চলিবলৈ ধৰে, তেতিয়াই জানিব গণতন্ত্ৰ ধ্বংসৰ আখৰা চলিছে’’ ৷

তেওঁ আৰু কয়, ‘‘যি লোকসভাই গণতন্ত্ৰ ৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰে, সেই লোকসভাই আজি গণতন্ত্ৰক মষিমূৰ কৰিবলগীয়া কাম এটা কৰিলে ৷ চৰকাৰৰ বহতীয়া অনুষ্ঠানলৈ নিজকে পৰ্যবেসিত কৰিলে’’ ৷ ইয়াৰ উপৰিও অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষগৰাকীয়ে কয়, ‘‘যিমানেই ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন ওচৰ চাপিছে, সিমানেই কেন্দ্ৰৰ বিজেপি চৰকাৰখনে বিৰোধী নেতাসকলক লক্ষ্য কৰি লৈছে ৷ চৰকাৰখনৰ এনেকুৱা কাম-কাজ চূড়ান্তভাৱে গণতন্ত্ৰ বিৰোধী’’ ৷

লগতে পঢ়ক : Rahul Gandhi conviction: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ জৰুৰী বৈঠক আহ্বান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.