এ আই ইউ ডি এফক বিজেপিৰ ড্ৰয়িং ৰূমত বহা দল আখ্যা ৰাণা গোস্বামীৰ
🎬 Watch Now: Feature Video
হেলিকপ্টাৰ, চাৰ্টাৰ্ড ফ্লাইটৰ নামত মুখ্যমন্ত্ৰীয়ে কোটি টকা খৰছ কৰে অথচ অসমীয়া মাধ্যমৰ বিদ্যালয়কেইখনৰ বাবে ৰাইজৰ পৰা টকা বিচাৰে । অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে সংবাদমেলযোগে কয় যে, AIUDF দলটো বিজেপিৰ ড্ৰয়িং ৰূমত বহা দল আৰু কৰিমউদ্দিন বৰভূঞা বৰঘৰত বহা ব্যক্তি ৷ AIUDF লগত বিধান সভা নিৰ্বাচনত মিত্ৰতা কৰি (Congress AIUDF alliance) কংগ্ৰেছ দলটোৱে বহু শিক্ষা পালে পালে বুলি মন্তব্য কৰি তেওঁ কয় যে, বিজেপিৰ লগত গোপন বুজাবুজি কৰি লুঙি-টুপী আৰু দাড়িৰ চৰকাৰ হ’ব বুলি প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছ দলটো দিছপুৰৰ পৰা বাহিৰত থাকিবলগীয়া হ’ল ৷ পৰীক্ষাত ইণ্টাৰনেট কাটি (Suspending Internet Services to Prevent Cheating in Exams) বিজেপিয়ে এটা ক’লা দিনৰ সূচনা কৰিলে বুলিও মন্তব্য কৰে গোস্বামীয়ে (Assam congress Working President Rana Goswami) ৷
Last Updated : Feb 3, 2023, 8:27 PM IST