তিনি জানুৱাৰীৰ পৰা জোহৌলাও শ্বৌমলা বসুমতাৰী ফুটবল চেম্পিয়নশ্বিপ

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 8:25 PM IST

thumbnail

চিৰাং, ১ জানুৱাৰী : চিৰাং জিলাৰ বডোছা নগৰ বাঙালডবাত অহা তিনি জানুৱাৰীৰ পৰা দহদিনীয়াকৈ অনুষ্ঠিত হ'ব ২৫ সংখ্যক জোহৌলাও শ্বৌমলা বসুমতাৰী অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপ ২০২০-২৪ প্ৰতিযোগিতা ৷  ইতিমধ্যে আয়োজক সমিতিয়ে ১৩ জানুৱাৰীলৈ চলিবলগীয়া এই ৰাজ্যিক ভিত্তিক আয়োজিত ফুটবল প্ৰতিযোগিতা পৰিচালনা কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । আজি খেল পৰিচালনা সমিতিৰ উপ সভাপতি মনোলাল বসুমতাৰীয়ে  এই বিষয়ে সদৰী কৰিছে  ৷

খেল পৰিচালনা সমিতিৰ উপ-সভাপতি মনোলাল বসুমতাৰীয়ে উল্লেখ কৰা মতে, এই প্ৰতিযোগিতাত ৰাজ্যখনৰ মুঠ ৩৯ টা ক্লাবে অংশগ্ৰহণ কৰিব ৷ উদ্বোধনী আৰু চূড়ান্ত খেলৰ লগতে অন্যান্য খেল সমূহ বডোছা নগৰ বাঙালডবাত অনুষ্ঠিত হ'ব । লগতে ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ ক্ৰীড়া প্ৰকল্প আৰু ৰৌমাৰী ৰাজহুৱা খেল পথাৰতো খেলৰ আয়োজন কৰা হৈছে ৷  

লগতে পঢ়ক:ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্যবাসীলৈ ২০০ খন বৈদ্যুতিক বাছ উপহাৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.