অসম এছোচিয়েছনৰ মহাৰজত জয়ন্তী উদযাপন - মহাৰজত জয়ন্তী উদযাপন
🎬 Watch Now: Feature Video
Published : Dec 31, 2023, 1:29 PM IST
কলিয়াবৰ,৩১ ডিচেম্বৰ: ১৯৪৭ চনত দিল্লীত প্ৰতিষ্ঠা লাভ কৰা অসম এছোচিয়েছনে অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল ৭৫ টা বছৰ । দেশৰ ৰাজধানী দিল্লী আৰু ৰাজধানীৰ আশে পাশে অঞ্চলত বাস কৰা অসমীয়াসকলৰ এক উমৈহতীয়া অনুষ্ঠান হৈছে দিল্লীৰ অসম এছোচিয়েছন । ১৯৪৭ চনত জন্মলাভ কৰা এই অনুষ্ঠানে বিগত সময়চোৱাত ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিতত অসমক প্ৰতিনিধিত্ব কৰি আহিছে । শেহতীয়াকৈ সগৌৰৱৰে ৭৫ টা বছৰ সম্পূর্ণ কৰা দিল্লীৰ অসম এছোচিয়েছনে উদযাপন কৰে মহাৰজত জয়ন্তী ।
শনিবাৰে দিল্লীৰ টালকোটোৰা ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান । সামৰণি অনুষ্ঠানত শীতৰ সেমেকা নিশা জুবিন গাৰ্গে গীত পৰিৱেশন কৰাৰ লগতে আন কেইবাটাও অনুষ্ঠান পৰিৱেশনৰে সমবেতসকলক আপ্লুত কৰে । 'দ্যা বেণ্ড অৱ হাৰিকেন গাৰ্লছ', কলাশ্ৰী গায়ত্ৰী ডেকাৰ 'ভাৰত নাট্যম', মাজুলীৰ ভোগপুৰ সত্ৰৰ শিল্পীসকলে পৰিবেশন কৰা অংকীয়া ভাওনা 'পাৰিজাত হৰণ' উপভোগ কৰে উপস্থিত দৰ্শকে ।
লগতে পঢ়ক: ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবৰ চৌহদত দুগৰাকী স্বনামধন্য ব্যক্তিৰ আৱক্ষ মূৰ্তি উন্মোচন