দেৰগাঁও পথ দুৰ্ঘটনা: পুনৰ আন এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ - সাংসদ তপন গগৈ
🎬 Watch Now: Feature Video
Published : Jan 4, 2024, 9:51 AM IST
যোৰহাট, 4 জানুৱাৰী : গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত বুধবাৰে সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আহতসকলৰ স্বাস্থ্যৰ বুজ ল’লে সাংসদ তপন গগৈয়ে । চিকিৎসকসকলে যিদৰে তৎপৰতাৰে আহতসকলৰ চিকিৎসা ক্ষেত্ৰত কাম কৰিছে, তাৰবাবে শলাগ লয় সাংসদ তপন গগৈয়ে ৷ এই পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাফিলতিৰ বাবে হ’ল নে অন্য কাৰণত হ'ল সেয়া তদন্ততহে স্পষ্ট হ'ব বুলি সাংসদ গগৈয়ে উল্লেখ কৰে ।
ইতিমধ্যে কুলুমনি শইকীয়া (34), প্ৰীতি শইকীয়া (7) আৰু মৃদুল শইকীয়া (40) ক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদালয়লৈ প্ৰেৰণ কৰাৰ পিচতেই পুনৰ বৃহস্পতিবাৰে অন্য এগৰাকীক GMCH লৈ প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 27 গৰাকী আহত ব্যক্তি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে চাৰিগৰাকী সংকটজনক অৱস্থাত ICU ত চিকিৎসাধীন হৈ আছে ৷
লগতে পঢ়ক: বনভোজকাৰী দলৰ বাবে SOP