Saradha scam controversy: মানসিক চাপ থাকিলেও ভয় কৰা নাই; অংকিতা দত্ত - Ankita Dutta Slams BJP

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 9, 2023, 10:03 PM IST

আমগুৰি, ৯ এপ্ৰিল: শেহতীয়াকৈ ৰাহুল গান্ধীক সাংসদ পদৰ পাৰ খাৰিজ কৰাৰ পাচতেই দেশৰ লগতে ৰাজ্যজুৰি কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে (Congress Protest) ৷ দেওবাৰে শিৱসাগৰ জিলাৰ আমগুৰি জিলাৰ বজাৰৰ সমীপতে কংগ্ৰেছৰ যুৱ নেত্ৰী ড৹ অংকিতা দত্তই (Congress leader Ankita Dutta) জয় ভাৰত সত্যাগ্ৰহ নামৰ এক পথ সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷  

এই সভাখনত ভাষণ দি যুৱ নেত্ৰীগৰাকীয়ে কয় যে, সদনত এজন সাংসদে দুটা প্ৰশ্ন কৰাৰ কাৰণেই তেওঁৰ সাংসদ পদ খাৰিজ কৰাটো যুক্তিসংগত কথা নহয় ৷ দুৰ্ভাগ্যজনক হ’লেও চৰকাৰে বৰ্তমান সময়ত চৰকাৰে ইডি, চিবিআইক বিৰোধী দলৰ নেতাৰ ওপৰত মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ ব্যৱহাৰ কৰিছে (Ankita Dutta reacts on Saradha scam controversy) ৷ 

‘‘সাৰদা কোম্পানীৰ লগত মোৰ কোনো সম্পৰ্ক নাছিল  ৷ সেই সময়ত মই অসমত নাছিলোৱেই, তেতিয়া মই দিল্লী বিশ্ববিদ্যালয়ত এল এল বি কৰি আছিলোঁ । সাৰদা কোম্পানীৰ কেলেংকাৰীৰ লগত বিভিন্ন ব্যক্তিৰ নাম সাঙোৰ খাইছিল, তেওঁলোক ক’লৈ গ’ল ? সাৰদা কোম্পানীৰ কেলেংকাৰীৰ নামত কেৱল কংগ্ৰেছী, তৃণমূল কংগ্ৰেছ অথবা আন দলৰ লোকসকলক কিয় দিগদাৰ কৰিছে ?’’ অংকিতাই লগতে কয় ৷

তেওঁ আৰু কয়, ‘‘অংকিতাই ভয় কৰা নাই, এটা মানসিকভাৱে চাপ থাকে কিন্তু ভয় কৰা নাই ।’’ সম্প্ৰতি মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বস্তৰৰ লোকক । চৰকাৰে পেন কাৰ্ড- আধাৰ কাৰ্ডৰ সংলগ্নৰ নামত ১২০০ টকাকৈ সংগ্ৰহ কৰা, পৌৰসভাৰ কৰ বৃদ্ধি কৰা, বিদ্যুৎৰ বিল বৃদ্ধি কৰা, খাজনা বৃদ্ধিকে ধৰি অত্যাধিক কৰ বৃদ্ধি কৰিছে । অৰুণোদয়ৰ নামত ৰাইজক ১২০০ টকা দি বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱ নেত্ৰীগৰাকীয়ে (Ankita Dutta Slams BJP) ৷ 

লগতে পঢ়ক: BJP lobby politics: বিজেপিৰ পৰা আভ্যন্তৰীণ কন্দল নিৰ্মূলৰ ফৰ্মূলা শিকাৰ ইচ্ছা ভূপেন বৰাৰ !

উল্লেখ্য যে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি জয়ন্ত কলিতা, জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিল গগৈয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.