Barpathar school alumni meet : বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ভাওনাৰ লাইখুঁটা স্থাপন - Barpathar school alumni meet

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 13, 2023, 5:30 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অগ্ৰণী শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম হৈছে বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় । বিদ্যালয়খনত আগন্তুক সৰস্বতী পূজা উপলক্ষ্যে ২৬ জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ মিলন সমাৰোহ (Alumni meet preparation at Barpathar HS school)।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত, বৰপথাৰ কুৰিসভা আৰু অঞ্চলটোৰ গাঁওসমূহৰ সহযোগত ভাওনা প্ৰদৰ্শনো কৰা হ'ব (Bhaona to organized at Barpathar HS school)। এই দুয়োটা অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে শুকুৰবাৰে মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰে । লাইখুঁটা স্থাপন কাৰ্যসূচীত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক নতুন প্ৰজন্মক পৰিচয় কৰি দিয়াৰ বাবেই বিদ্যালয় কৰ্তৃপক্ষই এই ভাওনা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ভাওনাত অংশ ল'ব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । ইতিমধ্যে বিদ্যালয়ৰ চৌহদতে ভাওনাৰ আখৰাও চলিছে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.