Manipur violence update: শান্তি ঘূৰাই আনিবলৈ অসম চৰকাৰৰ হস্তক্ষেপ আহ্বান সদৌ অসম সংযুক্ত মণিপুৰী এচ’চিয়েছনৰ - Community clash in Manipur

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 7, 2023, 4:22 PM IST

হোজাই, 7 মে’: মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ সদৌ অসম সংযুক্ত মণিপুৰী এচ’চিয়েছনৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰে এচ’চিয়েছনৰ কেন্দ্ৰীয় সভাপতি শৰৎ চন্দ্ৰ সিংহই (All Assam United Manipuri Association) ৷ সভাপতি গৰাকীয়ে কয় যে, বৰ্তমান মণিপুৰত মণিপুৰী আৰু কুৰ্কীৰ মাজত গোষ্ঠী সংঘৰ্ষ চলিলেও দুয়ো গোষ্ঠী কিন্তু ভাৰতীয় (Manipur crisis update) ৷ দুয়োটা গোষ্ঠীৰ মাজত যি অভাৱ অভিযোগ আছে সেইবোৰ আমি সমিল-মিলেৰে সমাধান হোৱাটো বিচাৰো বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে (Manipur violence latest news) ৷  

লগতে তেওঁ কয় যে, বৰ্তমান চলি থকা হিংসাত্মক ঘটনাৰ অন্ত পৰিব লাগে (Community clash in Manipur) ৷ পুনৰ মণিপুৰলৈ শান্তি-সম্প্ৰতি ঘূৰি আহিব লাগে ৷ মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বাবে যিবোৰ মানুহে প্ৰাণৰ মমতাত অসমত আশ্ৰয় গ্ৰহণ কৰিছেহি তেওঁলোকক নিৰাপত্তা আৰু সা-সুবিধা প্ৰদানৰ বাবেও তেওঁ অসম চৰকাৰক আহ্বান জনায় ৷ লগতে অসম অসম চৰকাৰে মণিপুৰৰ চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে আলাপ আলোচনা কৰি মণিপুৰলৈ শান্তি ঘূৰাই অনাত পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও সদৌ অসম সংযুক্ত মণিপুৰী এচ’চিয়েছনৰ শৰৎ চন্দ্ৰ সিংহই মন্তব্য কৰে ৷ 

লগতে পঢ়ক: Manipur latest news : মণিপুৰৰ চুৰাচান্দপুৰত ৩ ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.