13 দিনীয়া কাৰ্যসূচীৰে মাজুলীৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অসম ভাওনা সমাৰোহ ২০২৪ - Bhaona Samaroh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-01-2024/640-480-20531187-thumbnail-16x9-majulinn.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 17, 2024, 7:15 PM IST
মাজুলী, 17 জানুৱাৰী : 18 জানুৱাৰীৰ পৰা মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আৰম্ভ হ’ব সদৌ অসম ভাওনা সমাৰোহ 2024 ৷ সদৌ অসম ভাওনা সমাৰোহক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰ ৷ এই সদৌ অসম ভাওনা সমাৰোহখনি অসমৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় 14 হাজাৰ মহিলাৰ দিহা নামেৰে শুভ উদ্বোধন কৰা হ’ব ৷
মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰই প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰি আহিছে এই ভাওনা সমাৰোহ ৷ এইবছৰ এই সদৌ অসমভিত্তিত অনুষ্ঠিত হ’বলগা ভাওনা সমাৰোহখনি 13 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ এই ভাওনা সমাৰোহখনিত অসমৰ বিভিন্ন প্ৰান্তৰ 27 টা ভাওনাৰ দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ ইয়াৰে 24 খন ভাওনা প্ৰদৰ্শন হ’ব প্ৰতিযোগিতাৰ বাবে আৰু তিনিখন ভাওনা প্ৰদৰ্শনী হিচাবে প্ৰদৰ্শন কৰা হ’ব ৷ এই ভাওনা সমাৰোহখনিলৈ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ বহু লোকৰ আগমন ঘটিছে ৷
লগতে পঢ়ক : বৰপেটাত আৰম্ভ জিলা ভিত্তিত সাংস্কৃতিক মহাসংগ্ৰাম