Protest in Dhemaji : ধেমাজিত যোগান বিভাগৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ জাতীয়তাবাদী যুৱ পৰিষদৰ - কেলেংকাৰীৰ অভিযোগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-11-2023/640-480-19993656-thumbnail-16x9-dhemaji.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 10, 2023, 4:59 PM IST
ধেমাজি, 10 নৱেম্বৰ : ৰাজহুৱা বিতৰণৰ নামত ধেমাজিত আটাৰ বিয়াগোম কেলেংকাৰীৰ অভিযোগ ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা হিতাধিকাৰীৰ বাবে আৱন্টিত শ শ কুইন্টল আটাৰ কেলেংকাৰীৰ অভিযোগ কৰি ধেমাজিৰ ৰাজপথত যোগান বিভাগৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷
সংগঠনটোৰ অভিযোগ, 2019 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা গোগামুখৰ M/S Vasundhara Roller Flour Mill, গোগামুখৰ M/S N.S.P Agro Industries, চিলাপথাৰৰ M/S Lakhisri Roller Flour Mill আৰু ধেমাজিৰ M/S FR Mill Dhemaji ৰ জৰিয়তে ধেমাজি জিলাত হিতাধিকাৰীক শ শ কুইন্টল আটা আৱন্টন দি থকা বুলি কোৱা হৈছে যদিও হিতাধিকাৰীয়ে আজিকোপতি আটা লাভ কৰা নাই ৷
তথ্য জনাৰ আইনৰ অধীনত এই তথ্য লাভ কৰি অসামৰিক যোগান বিভাগক তদন্ত বিচাৰি আবেদন কৰা হৈছিল যদিও যোগান বিভাগে এই বিষয় সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজিৰ ৰাজপথত যোগান বিভাগৰ প্ৰতিকৃতি দাহ কৰি শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক : Unified Web Portal : কাৰ্যালয়লৈ নোযোৱাকৈ সকলো পৌৰ সেৱা লাভ কৰিব পৰাকৈ প'ৰ্টেল মুকলি