AJYCP: জোনাইত AJYCP আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন; উখল-মাখল চিমেন চাপৰি

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:28 PM IST

thumbnail

জোনাই, 1 অক্টোবৰ: দেওবাৰে চিমেন চাপৰি বিহু মঞ্চত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চিমেন চাপৰি আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ৷ AJYCP চিমেন চাপৰি আঞ্চলিক সমিতিৰ সভাপতি দেৱেশ্বৰ বৰাই পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক অভিজিত বৰাৰ শ্বহীদ তৰ্পনেৰে আৰম্ভ কৰা হয় সভা ৷ পুৱা ৯ বজাত কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মাৰ উদ্বোধনেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীত প্ৰদৰ্শনেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

ইয়াৰ পিচতে চিমেন চাপৰি আঞ্চলিক সমিতিৰ সভাপতি দেৱেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাতুল বৰগোহাঁইয়ে অংশগ্ৰহণ কৰে ৷ চিমেন চাপৰিত অতি শীঘ্ৰে উন্নত মানৰ স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিবলৈ চৰকাৰক দাবী তোলাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাতুল বৰগোহাঁইয়ে ৷

দেওবাৰে অনুষ্ঠিত হোৱা দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত থাকে AJYCPৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দেৱজিৎ দাস, জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সম্পাদক হিতেশ বাইলুং, আছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাস, ধেমাজি জিলাৰ আক্ৰাছুৰ সভাপতি সম্পাদকৰ লগতে বহু বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক :Food poisoning: ধেমাজিত খাদ্যত বিষক্ৰিয়া হৈ ১৬ জন অসুস্থ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.