Agriculture Census 2021-22: কৃষিৰ ওপৰত সমগ্ৰ দেশজুৰি চলিব পিয়ল - Agriculture Census 2021 22
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16998502-686-16998502-1669107069313.jpg)
সমগ্ৰ দেশজুৰি আৰম্ভ হ'ব ২০২১-২২ বৰ্ষৰ কৃষি পিয়ল(Agriculture census 2021-22 to be start in India) ৷ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ জৰিয়তে সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ'ব কৃষি পিয়ল ৷ দেশৰ কৃষিক্ষেত্ৰৰ উন্নয়ন আৰু বিকাশৰ বাবে গ্ৰহন কৰিবলগীয়া পৰিকল্পনাৰ উদ্দেশ্যে কৃষি পিয়লৰ কাম আৰম্ভ কৰিছে চৰকাৰে(Agriculture Census 2021-22) ৷ এই উদ্দেশ্যৰে ৰাজ্যখনৰ প্ৰতি জিলাই জিলাই আৰম্ভ হৈছে প্ৰশিক্ষণ ৷ বৰপেটাতো কৃষি পিয়লত জড়িত হবলগীয়া বিষয়া কৰ্মচাৰীসকলক আজিৰেপৰা প্ৰশিক্ষণ প্ৰদানৰ কাম আৰম্ভ কৰিছে চৰকাৰে ৷ বিশেষকৈ কৃষিভূমিৰ লগতে কৃষি উৎপাদন, কৃষিত ব্যৱহৃত সঁজুলি আদি বিষয়বোৰ পিয়লত কিদৰে অন্তৰ্ভূক্ত কৰিব সেইবিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ আনহাতে এই পিয়লৰ জৰিয়তে পৰৱৰ্তী কৃষি উন্নয়ন পৰিকল্পনা আঁচনি যুগুত কৰিব কেন্দ্ৰীয় চৰকাৰে(Training in agriculture Census in Barpeta) ৷ বৰপেটা কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাত পিয়লৰ কামত জৰিত বিষয়া কৰ্মচাৰীসকলৰ লগতে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ যুটীয়া সঞ্চালক আৰু আন কেবাজনো বিষয়াই অংশগ্ৰহন কৰে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST