Tehseen Akhtar Facebook page hacked: হেকাৰৰ কবলত জনপ্ৰিয় অভিনেত্ৰী তেহছিন আখতাৰ

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী,৪ এপ্ৰিল: দেশৰ লগতে ৰাজ্যতো প্ৰতিদিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ হেকাৰৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক । সাৰি যোৱা নাই অভিনেতা-অভিনেত্ৰীসকলো । এইবাৰ হেকাৰৰ জালত পৰিল জনপ্ৰিয় অভিনেত্ৰী তথা সংগীত শিল্পী তেহছিন আখতাৰ । যোৱা এটা বছৰ ধৰি তেহছিনৰ ফেচবুক পেজ হেক হৈ আছে বুলি জানিবলৈ দিয়ে অভিনেত্ৰীগৰাকীয়ে (Tehseen Akhtar Facebook page hacked) ।  

বিগত এটা বছৰে তেহছিন আখতাৰে ফেচবুক পেজটো ঘূৰাই পোৱাৰ আশাত আৰক্ষীক গোচৰ দিয়া নাচিল যদিও সোমবাৰৰ দিনটোতো শিল্পীগৰাকীয়ে এই সম্পৰ্কে দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ । উল্লেখ্য যে, বিগত এটা বছৰে হেকাৰে বিভিন্ন সময়ত তেহছিনৰ ফেচবুক পেজটোত অশ্লীল ভিডিও অথবা শিল্পীগৰাকীৰ বহু পুৰণি ফটো আপলোড কৰি আহিছে (Popular actress of Assam Tehseen Akhtar) ।  

সেয়েহে শিল্পীগৰাকীয়ে এক লাখ ত্ৰিশ হাজাৰ ফ'ল'ৱাৰ্ছ থকা পেজটো ফ'ল' নকৰিৱলৈ মঙলবাৰে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় । লগতে এনে হেকাৰৰ পৰা সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ লগতে সমূহ অসমবাসীক ৰাইজক আগন্তক ৰঙালী বিহুৰ তথা পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰে শিল্পী গৰাকীয়ে (Actress Tehseen Akhtar in the grip of hackers)। 

লগতে পঢ়ক: IPL 2023 RR vs PK: ডাৱৰীয়া বতৰে বিঘিনি জন্মাব পাৰে বৰ্ষাপাৰাত হ’বলগীয়া আই পি এল মেচত !

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.