প্ৰেমৰ প্ৰলোভন দি যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ - বৰভিঠা আৰক্ষী চকী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-01-2024/640-480-20411298-thumbnail-16x9-fake11.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 2, 2024, 3:54 PM IST
জনীয়া, 2 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰী গাঁৱত ভয়ংকৰ ঘটনা ৷ প্ৰেমৰ প্ৰলোভন দি বহিঃৰাজ্যত এগৰাকী 21 বছৰীয়া যুৱতী বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰা ১ম খণ্ড গাৱঁৰ জাকাৰিয়া আহমেদ নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল যুৱতীগৰাকী ৷ যোৱা 21 ডিচেম্বৰত যুৱকজনে বিয়া পাতিম বুলি কৈ যুৱতীগৰাকীক ঘৰৰ পৰা লৈ গৈছিল ৷ তাৰ পিচৰে পৰা যুৱতীগৰাকী ঘৰলৈ ঘূৰি নহাত যুৱতীগৰাকীৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকে শোকত ভাগি পৰে ।
তাৰ পিচতে যোৱা 26 ডিচেম্বৰত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে বৰভিঠা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল যদিও কোনো সুফল নাপালে বুলি জানিবলৈ দিয়ে ৷ তাৰ পিচতে পুনৰ 31 ডিচেম্বৰত কলগাছিয়া আৰক্ষী থানাত জাকাৰিয়া আহমেদৰ পিতৃ তাহেৰ আলীৰ নামত আন এখন এজাহাৰ দাখিল কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। কেৱল এয়াই নহয় জাকাৰিয়া আহমেদে ড্ৰাগছ, নাৰী সৰবৰাহ কাৰ্যত পূৰ্বৰে পৰাই জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । অতি শীঘ্ৰেই পিতৃ-মাতৃয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি দোষীক কঠোৰ শাস্তি দিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
লগতে পঢ়ক: ৩১ ডিচেম্বৰৰ নিশা হাতীগাঁৱত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ