thumbnail

By

Published : May 29, 2023, 10:27 PM IST

ETV Bharat / Videos

Protest in Dibrugarh: ডিব্ৰুগড়ত বাগিচাই বাগিচাই আটছাৰ উত্তাল প্ৰতিবাদ

মৰাণ, ২৯ মে': ৰাজ্যৰ প্ৰতিখন চৰকাৰে এখনৰ পাছত আন এখন অভিলাষী আঁচনি চাহ বাগিচা শ্ৰমিকৰ বাবে ঘোষণা কৰিলেও সমস্যাৰে জৰ্জৰিত চাহ বাগিচাৰ শ্ৰমিকসকল (AATSA protest in Dibrugarh)। সোমবাৰে চাহ বাগিচাৰ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত ডিব্ৰুগড়ৰ বাগিচাই বাগিচাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । চাহ বাগিচা অঞ্চলত খোৱাপানী ব্যৱস্থা উন্নত কৰা, চিকিৎসা ব্যৱস্থা উন্নত কৰা, সময়মতে মজুৰি প্ৰদানৰ দাবীত মৰাণ, ডিব্ৰুগড়, টিংখাং, নাহৰকটীয়াৰ বাগিচাসমূহৰ কাৰ্যালয়ৰ সন্মুখত আটছাৰ উদ্যোগত চাহ শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে (Tea worker protest for salary)।

ইয়াৰ উপৰিও চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ডোমৰ দলং চাহ বাগিচাৰ পৰিচালন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ডোমৰ দলং উপ-শাখা আৰু মাহমৰা মহিলা শাখাই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অনতিপলমে চাহ শ্ৰমিকৰ সমস্যা সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে আটছাই । 

লগতে পঢ়কRally by AGP in Dibrugarh : ডিব্ৰুগড়ত বিশাল ৰেলী উলিয়াই অগপই বজালে নিৰ্বাচনী ৰণশিঙা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.