thumbnail

AATASU Protest : জনজাতিকৰণৰ দাবীত শিৱসাগৰত আটাছুৰ প্ৰতিবাদ

By

Published : Aug 1, 2023, 2:28 PM IST

শিৱসাগৰ, 1 আগষ্ট:  শিৱসাগৰ নগৰত মংগলবাৰে সদৌ তাই আহোম ছাত্র সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ । তাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত সদৌ তাই আহোম ছাত্র সন্থাই দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । 'বিজেপি চৰকাৰ হায় হায়', 'NO ST NO REST', 'বিজেপি চৰকাৰ মূৰ্দাবাদ' আদি শ্ল’গান সম্বলিত বেনাৰ, ফেষ্টুন হাতত লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদথলী উত্তাল কৰি তোলে ।

তাই আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা আহোম জনগোষ্ঠীৰ সংগঠনটোৱে মংগলবাৰে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰক ললিপপৰ ৰাজনীতি বন্ধ কৰিবলা সকীয়নি প্ৰদান কৰে । অনাগত দিনত বিজেপি চৰকাৰে জনজাতিটোক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত ভোটৰ মাধ্যমেৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়াই দিয়ে ।

ৰাইজৰ পদুলিয়ে পদুলিয়ে লৈ চৰকাৰৰ বিৰুদ্ধে জনমত গঠন কৰা হ’ব বুলিও কয় আটাছু নেতৃত্বই । জনজাতিকৰণৰ বিষয়টোৰ ক্ষেত্ৰত আহোম সাংসদ আৰু বিধায়কসকলকো তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান তকৰে আটাছুৱে ।

লগতে পঢ়ক : Depleted road condition: অংগুষ্ঠ প্ৰদৰ্শন মুখ্যমন্ত্ৰীৰ নিৰ্দেশক, বিদ্যালয়ৰ সমীপত উন্মুক্ত নলা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.