মহানগৰীৰ হাতীগাঁও হাইস্কুলত পঞ্চ শ্বহীদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি - Anti CAA Movement in North east

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 3:24 PM IST

গুৱাহাটী, ১২ ডিচেম্বৰ : 'কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ আজি চতুৰ্থ মৃত্যু বাৰ্ষিকী । ২০১৯ চনৰ আজিৰ দিনটোতে আৰক্ষীৰ গুলীত নিহত হৈছিল হাতীগাঁৱৰ ছাত্ৰ ছেম ষ্টেফৰ্ড । ছেম ষ্টেফৰ্ডৰ লগতে শ্বহীদ হৈছিল আন চাৰিজন । জাতিৰ হকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সময়তে আৰক্ষীৰ গুলী বুকু পাতি লৈ শ্বহীদ হৈছিল ৰাজ্যৰ ৫ জনকৈ সুঠাম যুৱক ৷

নিজৰ জাতি, নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ যুঁজত ৰাজপথলৈ ওলাই আহি আৰক্ষী গুলী বুকু পাতি লৈছিল দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমে । এই পাঁচ শ্বহীদক স্মৰণ কৰি মঙলবাৰে মহানগৰীৰ হাতীগাঁও হাইস্কুলত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আছু নেতৃত্বৰ উপৰিও শ্বহীদ পৰিয়ালৰ সদস্যৰ লগতে শিল্পীসমাজৰ কেবাজনো শিল্পী উপস্থিত থাকে । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই আছু নেতৃত্বই সংবাদ মাধ্যমৰ আগত কয়, ‘‘কা’ আমি তেতিয়াও মনা নাছিলো, এতিয়াও নামানো আৰু ভবিষ্যতেও নামানো’’ ।

লগতে কয়, ‘‘কা’ আন্দোলনৰ শ্বহীদসকল আৰু গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিসকলক চৰকাৰে অতি সোনকালে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে । 'কা’ আন্দোলনৰ শ্বহীদসকলক চৰকাৰে এতিয়াও চৰকাৰীভাৱে শ্বহীদ ঘোষণা কৰা নাই ৷ সেয়েহে অতি সোনকালে চৰকাৰীভাৱে তেওঁলোকক শ্বহীদ ঘোষণা কৰিব লাগে’’ ৷

লগতে পঢ়ক : কা বিৰোধী আন্দোলন তাৎক্ষণিকভাৱেহে বিফল হৈছিল: অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.