AASU protest in Barpeta: ৰেলপথ আৰু ৰাজপথ বিচাৰি স্বাধীনতা দিৱসৰ দিনাই বৰপেটাত প্ৰতিবাদত বহিল আছু

By

Published : Aug 15, 2023, 3:08 PM IST

thumbnail

বৰপেটা, ১৫ আগষ্ট: দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে প্ৰতিবাদ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ৷ সত্ৰ নগৰী বৰপেটাক ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীত স্বাধীনতা দিৱসৰ দিনটোতে বৰপেটাত আছুৱে ৰূপায়ন কৰে ৩ ঘন্টীয়া বিক্ষোভ ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰে পুৱা ৭ বজাৰ পৰা বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৩ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ শতিকা প্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাবাসীক ৰে'ল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে ৷

বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'ল সংযোগৰ ব্যৱস্থা নথকাৰ ফলত জিলাবাসীৰ লগতে চহৰখনত চাকৰি কৰা অন্য জিলাৰ চাকৰিয়ালসকলো যাতায়াতৰ সন্মুখীন হৈ আহিছে ৷ আনহাতে, ৰে'লৰ ভেকুৱাম ব্ৰেক (GP Brake) উদ্ভাৱন কৰি ৰে'ললৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ জন্ম চহৰ বৰপেটাক ৰে'ল পথেৰে সংযোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১০-১১ চনত জৰীপ সম্পূৰ্ণ কৰাৰ পিচতো ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ নকৰা কাৰ্যৰো সমালোচনা কৰে আছুৱে ৷

লগতে পঢ়ক: Assam Flood and Japanese Encephalitis report: ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি; জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.