বিৰোধী ঐক্যৰ ভয়ত আবোল-তাবোল বকিছে বিজেপিয়ে: মনোজ ধানোৱাৰ - Manuj Dhanowar slams BJP
🎬 Watch Now: Feature Video
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 7, 2023, 5:52 PM IST
মৰাণ, 7 ডিচেম্বৰ: চমু চাপি আহিছে 2024 ৰ লোকসভা নিৰ্বাচন । বিজেপিৰ বিৰুদ্ধে অসমত গঠন হৈছে বিৰোধী ঐক্য মঞ্চ । সমষ্টিয়ে সমষ্টিয়ে শাসক দল বিজেপিৰ সমানে বিৰোধী ঐক্য মঞ্চত অন্তভুৰ্ক্ত দল সমূহেও আৰম্ভ কৰিছে দলীয় সাংগঠনিক কাম-কাজ । ডিব্ৰুগড় লোকসভা সমষ্টিত বিগত কেইটামান দিনৰ পৰা আপ অসমে আৰম্ভ কৰিছে "গাঁৱলৈ যাত্ৰা” কাৰ্যসূচী । ‘‘সৱল গাঁও, উন্নত অসম’’ লক্ষ্যৰে আম আদমী পাৰ্টী অসম (আপ)ৰ দলে গাঁৱে গাঁৱে ঘূৰি চলাইছে প্ৰচাৰ অভিযান ।
আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত “গাঁৱলৈ যাত্ৰা” শীৰ্ষক কাৰ্যসূচীৰে বৃহস্পতিবাৰে মৰাণ সমষ্টিৰ পথালিবাম আৰু ধেমেচীত দলটোৱে প্ৰচাৰ অভিযান চলায় । প্ৰায় শতাধিক আপৰ কৰ্মীয়ে বাইক ৰেলীৰে চলোৱা এই প্ৰচাৰ অভিযানত গ্ৰাম্যাঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলকো লগ ধৰে ।
এই অভিযানত অংশগ্ৰহণ কৰি আপৰ নেতা মনোজ ধানোৱাৰে কয় যে বিজেপি এতিয়া চিন্তাত পৰিছে, গাঁৱৰ সভা বিলাকত মানুহ নোহোৱা হৈছে, সেয়ে বিজেপি নেতা বিলাকে আবোল-তাবোল বকিবলৈ ধৰিছে । 2024 ৰ লোকসভা নিৰ্বাচনত বিৰোধী ৰাজনৈতিক দল সমূহ একলগ হৈ নিবাৰ্চন খেলিলে বিজেপিৰ পৰাজয় নিশ্চিত বুলি মন্তব্য আগবঢ়ায় ধানোৱাৰে । মুঠৰ ওপৰত অসমত গঠন হোৱা বিৰোধী ঐক্য মঞ্চক লৈ আত্মবিশ্বাসী আপ অসম ।
লগতে পঢ়ক: ভূপেন বৰাৰ বন্ধাকবিক ফটা ওলকবিৰে তুলনা বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ