thumbnail

By

Published : Sep 5, 2022, 10:25 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

যুৱকৰ গালত যুৱতীৰ চৰ: গঞাই এৰি নিদিয়া হ’ল যুৱতীক

সোমবাৰে মৰিগাঁৱৰ বনপৰাত এগৰাকী কলেজীয়া ছাত্ৰীক এজন যুৱকে মাৰধৰ কৰাৰ সন্দেহত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation in Morigaon)৷ ঘটনাৰ বিৱৰণী অনুসৰি বনপাৰাৰ পৰা শলমাৰী যাব পৰা পথেৰে এহাল কলেজীয়া যুৱক-যুৱতীয়ে বাইকেৰে আহি আছিল (allegedly youth beaten by villagers) ৷ তেনে সময়তেই যুৱতীগৰাকীয়ে যুৱকজনক চৰ সোধাই কান্দিবলৈ আৰম্ভ কৰিছিল (Morigaon Police investigated matter) ৷ এই সমগ্ৰ ঘটনা গাঁৱৰে কেইগৰাকীমান মহিলাৰ চকুত পৰাত তেওঁলোকে যুৱক-যুৱতীহালৰ কাষ চাপি যায় ৷ এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় কেইগৰাকীমান ব্যক্তিয়ে যুৱকগৰাকীক প্ৰহাৰ কৰাৰ উদ্দেশ্যৰে আহে যদিও যুৱকজন পলাই সাৰে ৷ ইয়াৰ পিছতে গাঁবাসীয়ে যুৱতীগৰাকীক নিজ পিতৃ-মাতৃক মাতিবলৈ কয় ৷ সেই অনুসৰি যুৱতাগৰাকীয়ে পিতৃ-মাতৃক মাতে যদিও তেওঁলোকে আৰক্ষীক লৈ গাঁওখনত প্ৰৱেশ কৰাৰ পিছতেই গাঁওখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (college student was allegedly beaten up by villagers) ৷ স্থানীয় লোকে প্ৰশ্ন উত্থাপন কৰে যে য’ত গাঁওবাসীয় কোনো ভুলেই কৰা নাই তেনেক্ষেত্ৰত গাঁৱত আৰক্ষীৰ লোক প্ৰৱেশ কৰিলে কেনেকৈ ? গাঁওবাসীয়ে আৰক্ষীৰ লগত বাক-বিতণ্ডাত লিপ্ত হয় ৷ ইফালে ক্ষুব্ধ গাঁওবাসীয়ে কয় যে যুৱকজনক মাতি আনিলেই গোটেই ঘটনা পোহৰলৈ আহি পৰিব ৷ যুৱকজনক মাতি ঘটনা নিষ্পত্তি কৰক অন্যাথা যুৱতীগৰাকীক গাঁৱৰ পৰা যাবলৈ দিয়া নহ’ব বুলি আকোঁৰগোজ হৈ আৰক্ষীক অৱগত কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.