Child rescue: তেজপুৰ পালেহি বিহাৰৰ শিশু - তেজপুৰত বিহাৰৰ শিশু উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:17 PM IST

তেজপুৰ, ৬ নৱেম্বৰ : তেজপুৰত বহিঃৰাজ্যৰ এটি ১২ বছৰীয়া কিশোৰক উদ্ধাৰ কৰা হয় । দিশহাৰা হৈ কিশোৰজন বিহাৰৰ পৰা ৰে’লৰে আহি অসমত প্ৰৱেশ কৰেহি ৷ জানিব পৰা অনুসৰি, ভুলৱশতঃ কিশোৰটো ৰে’লেৰে উঠি বিহাৰৰ টালিগঞ্জৰ পৰা আহি ৰঙাপৰা ৰে’লৱে ষ্টেচনত আহি উপস্থিত হয় ৷ ইয়াৰ পিচতে কিশোৰটিক এজন সাধুৱে উদ্ধাৰ কৰি তেজপুৰৰ সাইবাবা ট্ৰাষ্টলৈ লৈ আনে । 

পৰৱৰ্তী সময়ত সাইবাবা  ট্ৰাষ্টৰ কৰ্তৃপক্ষই কিশোৰটিক আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে কিশোৰটিক পৰিচয় সোধে যদিও শিশুটোৱে বিশেষ একো নোকোৱাত এতিয়াও কিশোৰটোৰ সম্পূৰ্ণ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই ৷ বৰ্তমান তেজপুৰ আৰক্ষীয়ে  ১২ বছৰীয়া কিশোৰটিক তেজপুৰৰ শিশু গৃহত ৰখাৰ বাবে ব্যৱস্থা কৰে। ইফালে আৰক্ষীয়ে কোনো লোকে কিশোৰটিৰ পৰিচয় সন্দৰ্ভত কিবা সম্ভেদ পালে আৰক্ষীক যোগাযোগ কৰাৰ বাবে অনুৰোধ জনায়।

লগতে পঢ়ক: Encounter in Dhubri: ধুবুৰীত আৰক্ষীৰ গুলীত আহত গৰুৰ চোৰাং সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.