A boy goes missing in Brahmaputra river: মাজুলীত অঘটন, ব্ৰহ্মপুত্ৰত সন্ধানহীন কিশোৰ

By

Published : Jul 26, 2023, 6:58 PM IST

thumbnail

মাজুলী,26 জুলাই: মাজুলীত অঘটন ৷ ব্ৰহ্মপুত্ৰত সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হ’ল এটি কিশোৰ ৷  সন্ধানহীন হৈ থকা কিশোৰ জনৰ নাম শংকৰ কৌশিক ভূঞা । সন্ধানহীন শংকৰ কৌশিক ভূঞাৰ ঘৰ মাজুলী কলনিবাৰীত আৰু বয়স ১৪ বছৰ বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি বুধবাৰে ব্ৰহ্মপুত্ৰত সমনীয়াৰ সৈতে গা ধুবলৈ আহিছিল শংকৰে ৷ ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ সন্ধানহীন হৈ পৰে কিশোৰটি ৷  

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে  উজনি মাজুলী ৰাজহ চক্ৰ বিষয়া, আৰক্ষী আৰু SDRFৰ বাহিনী ৷ আনহাতে ৰাইজৰ সহযোগত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই যদি বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সন্ধানহীন কিশোৰ শংকৰক ৷ ইফালে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে শংকৰক উটুৱাই নিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে  ৷

লগতে পঢ়ক:Erosion in Majuli:মাজুলীৰ খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধৰ দাবীত ধৰ্ণা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.