North East Graduate Congress 2023: বৰ্ণিল কৃষ্টি-সংস্কৃতিৰে উদ্ভাসিত খানাপাৰাৰ ইউ এছ টি এমৰ চৌহদ

By

Published : Apr 9, 2023, 2:13 PM IST

thumbnail

গুৱাহাটী, ৯ এপ্ৰিল: বৰ্ণিল কৃষ্টি-সংস্কৃতিৰে উদ্ভাসিত হৈ পৰিল খানাপাৰাৰ ইউ এছ টি এমৰ চৌহদ ৷ ৮ এপ্ৰিলৰ পৰা বিশ্ববিদ্যালয়খনত আৰম্ভ হৈছে "সপ্তম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ ২০২৩"। উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ৩০০খন মহাবিদ্যালয়ৰ প্ৰায় দহ হেজাৰৰো অধিক শিক্ষাৰ্থীয়ে নিজৰ বিশ্বমুখী প্ৰতিভাক বিকাশ কৰাৰ সুযোগ লাভ কৰিছে এই অনুষ্ঠানৰ জৰিয়তে (7th North East graduate Congress 2023 at USTM) ৷

প্ৰথম দিনাৰ কাৰ্যসূচী অংশ হিচাবে ৮ এপ্ৰিলৰ পুৱাৰ ভাগতে এই আয়োজন কৰা হয় বৰ্ণিল বাৰেৰহণীয়া শোভাযাত্ৰাৰে (Cultural Rally at USTM) ৷ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য, পৰম্পৰা লোকাচাৰ আদি এই শোভাযাত্ৰাৰ জৰিয়তে প্ৰদৰ্শন কৰে (North East Graduate Congress 2023) ৷ 

এই বিশেষ অনুস্থানটোক লৈ সমগ্ৰ বিশ্ববিদ্যালয়ৰ চৌহদতে এক উসৎৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ শোভাযাত্ৰাৰ এই দৃশ্যসমূহক প্ৰতিযোগিতা ভিত্তিত লৈ বিভিন্ন শিতানত পুৰস্কাৰ প্ৰদান কৰা হ'ব ৷ বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক দুচকীয়া বাহন, লেপটপ, টেবলেট, মোবাইল ফোন আৰু নগদ ধনকে ধৰি আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব ৷ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ পিচতে সামৰণি পৰিব এই মেগা ইভেণ্টৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.