ধেমাজিত আয়োজন ৫১ সংখ্যক আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা ২০২৩ - অসম শক্তি উত্তোলন সংস্থা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-12-2023/640-480-20376377-thumbnail-16x9-dhmj.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 28, 2023, 6:07 PM IST
ধেমাজি, ২৮ ডিচেম্বৰ : অসম শক্তি উত্তোলন সংস্থাৰ তত্বাৱধানত আৰু ধেমাজি জিলা শক্তি উত্তোলন সংস্থাৰ সৌজন্যত বুধবাৰৰ পৰা চাৰিদিনীয়াকৈ অৰ্থাৎ ৩০ ডিচেম্বৰলৈ ধেমাজি কোলাপথাৰস্থিত ইন্দ'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ৫১ সংখ্যক অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা ২০২৩ ৷ এই প্ৰতিযোগিতাত ৰাজ্যৰ ২০ জিলাৰ ৩০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷
এই শক্তি উত্তোলন প্ৰতিযোগিতাত একে সময়তে কেইবাটাও বিভাগত ছোৱালী আৰু ল’ৰা শাখাৰ খেল অনুষ্ঠিত হৈ আছে । এই প্ৰতিযোগিতাত ভালেকেইগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈয়ে চৰকাৰে অলিম্পিকৰ লগতে শক্তি উত্তোলন খেলকো গুৰুত্ব দি খেলুৱৈসকলক সা-সুবিধা প্ৰদান কৰিবলৈ দাবী জনায় ৷
উল্লেখ্য যে, শক্তি উত্তোলন প্ৰতিযোগিতাৰ প্ৰথম দিনা দিনৰ ১১ বজাত পতাকা উত্তোলন কৰে অসম শক্তি উত্তোলন সংস্থাৰ সভাপতি কৈলাশ শৰ্মাই ৷ তাৰ পাচতে জিলা পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি ৰবি গগৈয়ে । উক্ত দিনা বিয়লি বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখন উদ্বোধন কৰে প্ৰাক্তন ৰাজ্যিক শক্তি উত্তোলক জোনালী চুতীয়াই ৷
লগতে পঢ়ক : অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ মিশ্ৰিত ফলাফলৰ এটা বৰ্ষ ২০২৩