Hengul Theatre: আৰম্ভ হেঙুলৰ ৩৬ সংখ্যক বৰ্ষৰ নাট্যযাত্ৰা
🎬 Watch Now: Feature Video
যোৰহাট,২২ আগষ্ট: পৰম্পৰা, প্ৰতিশ্ৰুতি আৰু সময় চেতনাৰ হাইতাল বুলোৱা হেঙুল থিয়েটাৰৰ ৩৬ সংখ্যক বৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভ মৰিয়নিত । সোমবাৰে নিশা যোৰহাট মৰিয়নিত হেঙুল থিয়েটাৰে এই বৰ্ষৰ নাট্য যাত্ৰাৰ শুভাৰম্ভ কৰে । স্বৰ্গীয় প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ স্মৃতি বিজড়িত অসমৰ ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্যদল লগতে উজনিৰ একমাত্ৰ নাট্যদল হেঙুলৰ মঞ্চত এইবাৰ মঞ্চস্থ হ'ব তিনিগৰাকীকৈ সফল নাট্যকাৰৰ তিনিখন ভিন্নস্বাদৰ নাটক ।
এই নাট্যবৰ্ষত মঞ্চস্থ হ'বলগীয়া নাটকেইখন হ'ল যশস্বী নাট্যকাৰ ৰাজদ্বীপৰ "বনৰজা", প্ৰনৱ বৰুৱাৰ "আঁকৰী তই পগলা মই" আৰু এক নতুন সাজত অভিজিত ভট্টাচাৰ্যৰ 'চকু'। বহুকেইগৰাকী আগশাৰীৰ অভিনেতা-অভিনেত্ৰীয়ে শুৱনি কৰিব হেঙুলৰ মঞ্চ । লগতে দীৰ্ঘ বিৰতিৰ পাছত ভ্ৰাম্যমানৰ ঘূৰি আহি মূখ্য আকৰ্ষণ হিচাপে হেঙুলৰ মঞ্চ কঁপাব অসমীয়া বোলছবি জগতৰ সুদৰ্শন অভিনেতা ৰবি শৰ্মাই ।
শুভাৰম্ভ নিশা মঞ্চস্থ হোৱা জনপ্ৰিয় নাট্যকাৰ প্ৰণৱ বৰুৱাৰ এখন সৰ্বাংগসুন্দৰ নাটক "আঁকৰী তই পগলা মই"য়ে উপস্থিত সহস্ৰাধিক দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ৰাজদ্বীপৰ "বনৰজা" আৰু পূৰ্বে হেঙুলৰ মঞ্চত মঞ্চস্থ হৈ যোৱা এক নতুন সাজত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ "চকু"নাটকখনক লৈও অসমৰ নাট্যপ্ৰেমীৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । সোমবাৰে নিশা হেঙুলৰ প্ৰথমটো নাট্যদৰ্শনী মুকলি কৰে জনপ্ৰিয় গায়িকা দীপলিনা ডেকাই ।
লগতে পঢ়ক: Tea labor accident : কিমান সুৰক্ষিত কলঘৰৰ শ্ৰমিক ? পুনৰ মেচিনত ভৰি সোমাল শ্ৰমিকৰ