Theft incident: বিহপুৰীয়াত একেদিনাই তিনিঘৰত চোৰৰ চাফাই অভিযান - চোৰে চাফাই অভিযান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 1, 2023, 9:47 PM IST

বিহপুৰীয়া, ১ এপ্ৰিল : লখিমপুৰ জিলাৰ বিহপুৰীয়াত দিন দুপৰতে চোৰৰ টিঘিলঘিলনি (Theft incident at Bihpuria) ৷ শনিবাৰে দিন দুপৰতে বিহপুৰীয়া নগৰৰ চেগুণ কলনীত তিনিটাকৈ পৰিয়ালৰ বাসগৃহৰ গ্ৰীল আৰু বাথৰুমৰ ভেন্টিলেটৰ ভাঙি চোৰে চাফাই অভিযান চলায় (3 theft incident in one day) ৷ চোৰে তিনিটা পৰিয়ালৰ পৰা নগদ লক্ষাধিক ধন, ATM কাৰ্ডৰ লগতে প্ৰায় ১৫ লাখ টকাৰ মূল্যৰ সোণৰ গহণা আৰু কেতবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ লুটি নিয়ে। জানিব পৰামতে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চেগুণ কলনীৰ বীৰেন শইকীয়া, কৰ্ণ বৰগোঁহাই আৰু ৰবীন শৰ্মাৰ ঘৰত চোৰে লুটপাত চলায়  ৷  

গৃহস্থই জনোৱা মতে বীৰেণ শইকীয়াৰ গৃহৰ পৰা সোণৰ নেকলেচ, খাৰু, কাণফুলি আৰু ৫০ হাজাৰ টকা নগদ ধন চোৰে নিয়াৰ উপৰিও কৰ্ণ বৰগোহাঁইৰ গৃহৰ পৰা সোণৰ চেইন, আঙুঠি, খাৰু, কাণফুলি, এটা এনড্ৰইড মোবাইল ফোন, দুখন ATM কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু নগদ ৬৫ হাজাৰ টকা চোৰে লুটি নিয়ে ৷ ইফালে ৰবীন শৰ্মাৰ ঘৰতো চোৰে চলায় চাফাই অভিযান ৷  

উল্লেখযোগ্য যে সঘনাই বিহপুৰীয়াত হৈ থকা এনেধৰণৰ চুৰিকাণ্ড হৈ আছে যদিও চোৰ ধৰা পেলোৱাত ব্যৰ্থ হৈছে বিহপুৰীয়া আৰক্ষী ৷ বিহপুৰীয়াবাসী ৰাইজে আৰক্ষীক এই সন্দৰ্ভত এই বিষয়ে অৱগত কৰাৰ পিচতো আৰক্ষীয়ে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক: Illegal weapon seized: অবৈধ মাৰণাস্ত্ৰসহ এজনক আটক ধিং আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.