Gandhi Jayanti 2023: চৰাইদেউৰ মৰাণতো গান্ধী জয়ন্তী পালন, অংশ ল’লে মন্ত্ৰী যোগেন মহনে

🎬 Watch Now: Feature Video

thumbnail

ডিব্ৰুগড়,2 অক্টোবৰ : আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 154 সংখ্যক জন্ম জয়ন্তী ৷ সমগ্ৰ দেশতে পালন কৰিছে গান্ধী জয়ন্তী ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মৰাণতো গান্ধী জয়ন্তী পালন কৰে ৷

চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ উদ্যোগত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয় গান্ধী জয়ন্তী ৷ উক্ত অনুষ্ঠানতে বিদ্যালয়খনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে মন্ত্ৰী যোগেন মহনে ৷ আনহাতে, প্ৰতিমূৰ্তিস্থলীত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাতো অংশ লয় মন্ত্ৰীজনে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে মহামানৱ মহাত্মা গান্ধীৰ ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷

‘‘মহামানৱ মহাত্মা গান্ধীৰ অহিংস নীতি আমি সদায় অনুসৰণ কৰিব লাগে ৷ দেশক শক্তিশালী কৰিবলৈ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আগবঢ়াই নিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ সঁচাই উল্লেখনীয় ৷’’ এই দৰে কয় মন্ত্ৰী মন্ত্ৰী যোগেন মহনে ৷ 

লগতে পঢ়ক:Tense situation in Maran College: মৰাণ মহাবিদ্যালয়ত নিৰ্বাচনকেন্দ্রীক হিংসা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.